ৰাজধানী কিয়েভ দখলৰ ক্ষণ গণিছে ৰাছিয়াই
ইউক্রেইনী সেনাৰ পোছাক পিন্ধি ৰুছ সৈন্যৰ প্রৱেশ
- চাৰিওদিশৰ পৰা আগুৰি ধৰিছে কিয়েভ
- ৰুছ সৈন্যৰ আক্রমণত ১০ বিষয়াসহ ১৩৭ ইউক্রেইনৰ সেনা নিহত
- ৮০০তকৈও অধিক ৰুছ সেনা নিহতৰ দাবী ইউক্রেইনৰ
- চার্নবিল পাৰমাণৱিক প্রকল্প দখল মস্কো বাহিনীৰ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বায়ু আৰু স্থলেৰে ৰাছিয়াৰ সেনাই চলোৱা প্রচণ্ড আক্রমণত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্রেইন৷ বৃহস্পতিবাৰে পৰা অহৰহভাৱে আকাশ আৰু স্থলভাগেৰে ৰুছ সেনাই চলোৱা আক্রমণত ৰক্তাক্ত হৈ পৰিছে ইউক্রেইনৰ ভূমি৷ দুই দেশৰ সেনাৰ মাজত চলা সংঘর্ষত কেইবাখনো চহৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে সাধাৰণ নাগৰিকৰ জীৱন ভয়াৱহ হৈ উঠিছে৷ বৃহস্পতিবাৰে ৰাছিয়াৰ সেনাই টেংকেৰে ইউক্রেইনৰ ভূমিত প্রৱেশ কৰি ইখন চহৰৰ পাছত সিখন চহৰ আক্রমণ কৰাৰ সমান্তৰালকৈ আকাশী মার্গেৰে মিছাইল নিক্ষেপ কৰিছে ৰুছ সেনাই৷ বায়ু আৰু স্থলেৰে সমান্তৰালভাৱে চলোৱা আক্রমণত কার্যতঃ ইউক্রেইনৰ সেনা বিমোৰত পৰিলেও মৰণপণ যুঁজ দি নিজৰ দেশ ৰক্ষাৰ বাবে ৰুছ সেনাৰ সৈতে সংঘর্ষত লিপ্ত হৈ আছে৷
বৃহস্পতিবাৰে চার্নোবিল পাৰমাণৱিক প্রকল্প নিজৰ দখললৈ অনাৰ বাবে যুঁজ দি নিশাই ৰুছ সেনাই এই পাৰমাণৱিক প্রকল্পটো নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে৷ আনপিনে, ইউক্রেইনৰ ৰাজধানী কিয়েভ চহৰ দখলৰ বাবেও ৰুছ সেনাই দ্রুতগতিত অগ্রসৰ হৈছে৷ শুকুৰবাৰে পুৱাৰে পৰা কিয়েভৰ দিশে আগবাঢ়ি থকা ৰুছ সেনাই প্রাৰম্ভিক সময়ত ইউক্রেইনৰ সেনাৰ প্রতিৰোধৰ সন্মুখীন হৈছিল যদিও কৌশলেৰে ৰাজধানী চহৰখনতো প্রৱেশ কৰিবলৈ সক্ষম হৈছে ৰুছ সেনা৷
ইউক্রেইনৰ সেনাৰ প্রতিৰোধক অতিক্রমি চাৰিওদিশৰ পৰা ৰুছ সেনাই ৰাজধানী চহৰখন ঘেৰি ৰাখি আক্রমণ চলাই আছে৷ মিছাইল আক্রমণেৰে ৰাজধানী চহৰখনৰ গুৰুত্বপূর্ণ অঞ্চলত নিজৰ স্থিতি শক্তিশালী হোৱাটো নিশ্চিত কৰাৰ লগতে চহৰখনৰ ৫ কিলোমিটাৰ ভিতৰৰ ৰাজপথত ৰুছ সেনাই টেংক চলাইছে৷
ইপিনে, ৰুছ সেনাই ইউক্রেইনৰ সেনাৰ পোছাক পিন্ধি ৰাজধানী চহৰখনত প্রৱেশ কৰিছে৷ ইউক্রেইনৰ টেংক লৈ ৰাজধানীত প্রৱেশ কৰোঁতে ছদ্মবেশী ৰুছ সেনাক ইউক্রেইনৰ সেনাই কৰায়ত্ত কৰা বুলিও দাবী কৰিছে ইউক্রেইনৰ চৰকাৰে৷ আগ্রাসী ৰুছ সেনাই যুদ্ধৰ দ্বিতীয় দিনা যিটো গতিত ইউক্রেইনৰ ভূমি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে, এনেদৰে থাকিলে শীঘ্রেই ৰাজধানী চহৰখনো ৰুছ সেনাৰ দখললৈ অহাটো নিশ্চিত৷ ইউক্রেইনৰ সেনাই কিমান সময় ধৰি ৰুছ সেনাক বাধা দি ৰাখিব, তাক লৈ চর্চা চলিছে৷
ইপিনে, ইউক্রেইনৰ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কিয়ে দাবী কৰা মতে, ৰুছ সেনাই আক্রমণত ১০ বিষয়াসহ ১৩৭জন জোৱান শ্বহীদ হৈছে৷ ৫০তকৈ অধিক অসামৰিক লোক আক্রমণত প্রাণ হেৰুৱাইছে৷ ব্লেক আইলেণ্ডত ৰুছ সেনাই আক্রমণৰ সময়ত ইউক্রেইনৰ সেনাক আত্মসমর্পণ কৰিবলৈ দাবী জনাইছিল যদিও দেশখনৰ সেনাই সেই দাবী অস্বীকাৰ কৰি যুঁজ দি প্রাণ হেৰুওৱা বুলি প্রকাশ কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ তেনেদৰে ইউক্রেইন আক্রমণকাৰী ৮০০ ৰাছিয়াৰ সেনা নিহত হোৱা বুলি দাবী কৰিছে ইউক্রেইনৰ চৰকাৰে৷ ৰাছিয়াৰ ৩০তকৈ অধিক টেংক, ডজনৰো অধিক বিমান আৰু হেলিকপ্ঢাৰ ইউক্রেইনৰ সেনাই ধ্বংস কৰিছে৷ আনকি ৰুছ সেনাই নিক্ষেপ কৰা ক্রুজ আৰু বেলিষ্টিক মিছাইলো ইউক্রেইনৰ সেনাই ধ্বংস কৰা বুলি দাবী কৰিছে৷ জুই, ধোঁৱাৰে আচ্ছন্ন ইউক্রেইনত সাধাৰণ নাগৰিকৰ জীৱন দুর্বিষহ হৈ উঠিছে৷
ৰাছিয়াৰ আক্রমণত ইউক্রেইনৰ কেইবাখনো চহৰত সাধাৰণ জীৱন দুর্বিষহ হৈ পৰিছে৷ খাদ্য, খোৱাপানীকে ধৰি অত্যাৱশ্যকীয় সামগ্রী আৰু ঔষধৰ নাটনিয়ে যন্ত্রণাত ভোগাইছে দেশৰ নাগৰিকক৷ ইপিনে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ আক্রমণক লৈ হোৱা বৈঠকত ৰাছিয়া আৰু আমেৰিকা উভয় দেশে ভাৰতৰ সমর্থন বিচাৰিছে৷