ৰাজপথলৈ ওলাই আহি নাগৰিকে লৈছে ৰুছ সেনাৰ বিৰুদ্ধে যুঁজাৰ পণ
নিময়ীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ সেনাৰ তীব্র প্রতিৰোধৰ বাবেই দেশখনৰ ৰাজধানী কিয়েভ এতিয়াও দখল কৰিবলৈ সক্ষম হোৱা নাই ৰুছ সেনাই৷ যুদ্ধ ঘোষণা কৰাৰ প্রথম দিনাই ইউক্রেইনৰ বিভিন্ন চহৰ আকাশী মার্গেৰে মিছাইল নিক্ষেপেৰে তচনচ কৰি ৰুছ সেনাই ৰাজধানী কিয়েভ দখলৰ বাবে চাৰিওদিশৰ পৰা ঘেৰি ৰাখি দ্বিতীয় দিনা অভিযান চলায়৷ কিয়েভৰ মূল স্থানলৈ মাত্র ৫ কিলোমিটাৰ দূৰত্বত ৰুছ সেনাই টেংকেৰে অৱস্থান কৰি ৰাজধানী চহৰখন দখল কৰাৰ বাবে যুঁজ দিয়ে৷ শনিবাৰে তৃতীয় দিনাও ৰুছ সেনাই কিয়েভৰ বিভিন্ন গুৰুত্বপূর্ণ স্থানলৈ টেংকেৰে অগ্রসৰ হোৱাৰ লগতে আকাশেৰে মিছাইল নিক্ষেপ কৰি আৱাসিক অট্টালিকা আৰু অঞ্চলসমূহক লক্ষ্য কৰি লয়৷
ৰুছ সেনাৰ আক্রমণত কিয়েভৰ নাগৰিকৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে নিজ নিজ ঘৰ এৰি বাংকাৰত আশ্রয় গ্রহণ কৰিবলগীয়া হয়৷ আকাশৰ পৰা ধাৰাবাহিকভাৱে ৰুছ সেনাই বোমা–মিছাইল নিক্ষেপ কৰাৰ সমান্তৰালকৈ স্থলভাগেৰেও ৰুছ সেনাই আক্রমণ চলাই আছে৷ ৰাজধানী চহৰ ৰক্ষাৰ বাবে ইউক্রেইনী সেনাই মৰণপণ যুঁজ দি ৰুছ সেনাক প্রতিৰোধ কৰি আছে৷ ইউক্রেইনী সেনাৰ প্রতিৰোধ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰুছ সেনাই আকাশ আৰু স্থলভাগেৰে সমান্তৰালকৈ আক্রমণ চলাই আছে৷
ইপিনে ইউক্রেইনী সেনাৰ মনোবল বৃদ্ধি কৰাৰ লগতে দেশক ৰক্ষাৰ বাবে যুঁজ দিবলৈ ৰাজপথলৈ অস্ত্র লৈ ওলাই আহিছে প্রাক্তন সৈনিক আৰু সাধাৰণ নাগৰিক৷ কার্যতঃ ৰাজপথত এতিয়া ৰুছ সেনাৰ সৈতে অতিৰিক্ত সংৰক্ষিত ইউক্রেইনী সেনাৰ সৈতে যুঁজিবলগীয়া হৈছে৷ উল্লেখ্য যে অতিৰিক্ত সংৰক্ষিত সেনা হৈছে প্রাক্তন সৈনিকৰ লগতে দেশৰ ১৮ বছৰৰ পৰা ২৬ বছৰ বয়সলৈকে লোকৰ এক প্রশিক্ষিত গোট৷ ৰাছিয়াৰ সেনাৰ আক্রমণত ইউক্রেইনী সেনাৰ লগতে সাধাৰণ নাগৰিকো নিহত হৈছে৷ ইউক্রেইনৰ চহৰে চহৰে, প্রান্তে প্রান্তে এতিয়া ৰুছ সেনাৰ আক্রমণত প্রাণ হেৰুওৱা সৈনিক আৰু সাধাৰণ নাগৰিকৰ মৃতদেহ৷ যুদ্ধৰ বিভীষিকাত ইউক্রেইনৰ চহৰসমূহত এতিয়া মৰিশালিৰ নিস্তব্ধতা দেখিবলৈ পোৱা গৈছে৷
কিয়েভ চহৰ দখল কৰিবলৈ ৰুছ সেনাই ৰাজপথত শাৰী শাৰী টেংক থিয় কৰাইছে৷ বিগত দুদিন ধৰি ইউক্রেইনৰ বিভিন্ন স্থানত ৰুছ সেনাই চলোৱা আক্রমণত তিনি শিশুসহ ১৯৮জন লোকে প্রাণ হেৰুওৱা বুলি আজি ইউক্রেইন চৰকাৰে প্রকাশ কৰিছে৷ ৰুছ সেনাই ইউক্রেইনৰ কেইবাজনো সেনাই আত্মসমর্পণ কৰাৰ দাবী কৰাৰ বিপৰীতে ইউক্রেইনেও আক্রমণকাৰী ৰুছৰ কেইবাজনো সেনাক আটক কৰা বুলি দাবী কৰি ভিডিঅ’ প্রচাৰ কৰিছে৷ ৰাছিয়াই ইউক্রেইনৰ সেনাক বিধ্বস্ত কৰা বুলি দাবী কৰাৰ বিপৰীতে ইউক্রেইনে পূর্ণ শক্তিৰে এতিয়াও যুঁজ দি থকা বুলি দাবী কৰিছে৷
উল্লেখ্য যে ইউক্রেইনে দাবী কৰা মতে যুদ্ধত এতিয়ালৈকে আক্রমণকাৰী ৰাছিয়াৰ ৩,৫০০ সেনা হত্যা কৰাৰ লগতে ১০২খন টেংক, কেইবাখনো বিমান আৰু হেলিকপ্ঢাৰ ধ্বংস কৰা বুলি দাবী কৰিছে৷ ৰুছ সেনাই ইউক্রেইনৰ গুৰুত্বপূর্ণ সামৰিক ঘাটিৰ লগতে বিমানবন্দৰসমূহ আক্রমণ কৰি তচনচ কৰিছে৷ ৰুছ সেনাৰ তীব্র আক্রমণক প্রতিৰোধ কৰি এতিয়াও ৰাজধানী কিয়েভৰ লগতে বিভিন্ন স্থানত নিজৰ শক্তিশালী স্থিতি বর্তাই ৰাখিবলৈ সক্ষম হৈছে ইউক্রেইনৰ সেনা৷
ৰুছ সেনাই আকাশী মার্গৰ লগতে স্থলভাগেৰে সমান্তৰালভাৱে চলোৱা যুদ্ধাভিযান কিমান সময় ইউক্রেইনী সেনাই প্রতিৰোধ কৰিব পাৰিব সেয়া এতিয়া চর্চাৰ বিষয়৷