হাতত বন্দুক লৈ যুদ্ধৰ বাবে সাজু মহিলা সাংসদ কিৰা
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ এগৰাকী সাংসদে হাতত কালাছনিক’ভ বন্দুক লৈ যুদ্ধৰ বাবে সাজু হোৱা আলোকচিত্রই ছ’চিয়েল মিডিয়াত জ্বৰ তুলিছে৷ ৩৬ বছৰীয়া কিৰা ৰুডিক নামৰ এই সাংসদগৰাকীয়ে ৰুছ সেনাৰ যুদ্ধ বিমান কিয়েভৰ আকাশত উৰাৰ পাছতে নিজৰ প্রাসাদৰ ছিৰিৰ তলত আত্মগোপন কৰিছিল৷ পূর্বে এই স্থানত ৰখা হৈছিল তেওঁৰ জোতাবোৰ৷ কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ সময়তে এই স্থান হৈ পৰে সাংসদগৰাকীৰ আত্মগোপনৰ অন্যতম স্থান৷ শেহতীয়াকৈ টুইটাৰত হাতত বন্দুক লৈ সাংসদগৰাকীয়ে এক পোষ্ট দিছে৷ এই পোষ্টত উল্লেখ কৰিছে যে নিজৰ চোতালত বিভিন্ন ফুলৰ পুলি ৰুবলৈ তেওঁ সাজু হোৱাৰ সময়তে আহি পৰে যুদ্ধৰ হুংকাৰ৷ গতিকে এ কে–৪৭ হাতত লৈ তেওঁ সাজু হয় যুদ্ধৰ বাবে৷ অকল এই সাংসদগৰাকীয়েই নহয় ইউক্রেইনৰ ৰাজনীতিকৰ হাতত এতিয়া মাৰণাস্ত্র সাজু হৈ আছে৷