বোমা–ক্ষেপণাস্ত্রলৈ ভ্রূক্ষেপ নকৰি খাদ্যৰ দোকানত জনতাৰ ভিৰ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ যুদ্ধাক্রান্ত ইউক্রেইনত এতিয়া ভয়াৱহ খাদ্যৰ নাটনিয়ে দেখা দিছে৷ ৰাজধানী কিয়েভত খাদ্য সামগ্রীৰ দোকানবোৰত যুদ্ধৰ গোলাবর্ষণক ভয় নকৰি ক্ষুধাতুৰ লোকে দীঘলীয়া শাৰী পাতিছে৷ কেৱল খাদ্য সংগ্রহেই লক্ষ্য এই লোকসকলৰ৷ আনকি একোখন দোকানৰ সন্মুখত আধাকিলোমিটাৰ দৈর্ঘ্যৰ জনতাৰ শাৰী দেখিবলৈ পোৱা গৈছে৷ ৰাছিয়াৰ বোমা–ক্ষেপণাস্ত্রৰ আঘাতে পূব ইউৰোপৰ অন্যতম প্রাণচঞ্চল চহৰ কিয়েভত এতিয়া চৌদিশে কেৱল মৃত্যুৰ কিৰীলি৷ বিভিন্ন স্থানত আহত লোকৰ আর্ত চিৎকাৰে নাৰকীয় যুদ্ধৰ ছবি পৰিষ্কাৰ কৰি তুলিছে৷ ইয়াৰ মাজতো যুদ্ধলৈ ভয় নকৰি কেৱল খাদ্য সামগ্রী সংগ্রহৰ বাবে ভিৰ কৰিছে ৰাজধানী চহৰখনৰ বাসিন্দাসকলে৷ শেহতীয়াকৈ উপগ্রহ ছবিত ধৰা পৰিছে এই দৃশ্য৷