নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনলৈ নাটোয়ে নপঠিয়ায় সেনাঃ নাটোৰ মুৰব্বী জেনছ ষ্ট’ল্টেনবার্গ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ইউৰোপৰ পূব প্রান্তৰ দেশ ইউক্রেইনত ৰাছিয়াই আক্রমণ কৰাৰ পিছতেই নাটোৰ মুৰব্বী জেনছ ষ্ট’ল্টেনবার্গে দেশখনলৈ নাটো বাহিনীৰ সেনা প্রেৰণৰ কোনো পৰিকল্পনা নাই বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ নাটোৰ দেশসমূহৰ ৰাষ্ট্রদূতৰ সৈতে জৰুৰী বৈঠকত মিলিত হোৱাৰ পিছত সংবাদ মেলত মুৰব্বী ষ্ট’ল্টেনবার্গে কয়– ইউক্রেইনত নাটোৰ কোনো সেনা নাই আৰু দেশখনলৈ নাটোৰ সেনা পঠিওৱাৰ কোনো পৰিকল্পনাও নাই৷ তাৎপর্যপূর্ণ যে ইউক্রেইনত নাটোই ঘাটি পাতিবলৈ অভিসন্ধি চলোৱাৰ বাবেই ইউক্রেইন আৰু ৰাছিয়াৰ মাজত সংঘাত হয় আৰু ইয়ে যুদ্ধৰ ৰূপ লৈছে৷

You might also like