নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংস্র ৰাছিয়ান সৈনিকৰ নজৰ ইউক্রেইনী ৰমণীৰ দেহত

যুদ্ধৰ মাজতে পাশৱিক ধর্ষণৰ পৰা ৰক্ষা পাবলৈ টিণ্ডাৰ এপৰ ঠিকনা সলনি কৰিছে মহিলাই

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ যুদ্ধত উলংঘা হয় মানৱতাৰ সকলো চর্ত৷ যুদ্ধ বুলিলে কোনো নীতি মানি নচলে কোনো পক্ষই৷ আকাশত বাৰুদৰ গোন্ধ৷ পদে পদে ক্ষেপণাস্ত্র আক্রমণৰ আশংকা৷ সকলো মিলি ইউক্রেইনৰ ৰাজধানী কিয়েভ যেন এতিয়া সন্ত্রস্ত মহানগৰ৷ ৰাছিয়াৰ আক্রমণৰ পৰা ৰক্ষা পৰিবলৈ মানুহে ৰাজধানী ত্যাগ কৰি অন্য স্থানত আশ্রয় লৈছে৷ কিন্তু অন্য বিপদে খেদি ফুৰিছে ইউক্রেইনৰ ৰমণীসকলক৷ সুন্দৰী ইউক্রেইনী গাভৰুৰ শৰীৰৰ ওপৰত এতিয়া ৰুছ সৈনিকৰ জিঘাংসু নজৰ৷ ডেটিং এপ টিণ্ডাৰত জাকে জাকে আহিছে বন্ধুত্বৰ আপদাৰ৷ কিন্তু সেই বন্ধুত্ব বিচাৰিছে ৰাছিয়ান সৈনিকসকলে৷

স্থানীয় সংবাদ মাধ্যমৰ সূত্র অনুসৰি, ৰুছ সৈনিকৰ কামুক নজৰৰ পৰা শৰীৰ ৰক্ষা কৰিবলৈ টিণ্ডাৰ এপত নিজৰ ঠিকনা সলনি কৰিছে ইউক্রেইনী মহিলাসকলে৷ কিন্তু কিমান দিনলৈ ৰুছ সৈনিকৰ হাতৰ পৰা ৰক্ষা পৰিব তাক লৈ সৃষ্টি হৈছে আশংকা৷ কাৰণ চাৰিওদিশে শত্রু শিবিৰৰ সামৰিক বাহিনী৷ তাৰ মাজতে চিকাৰী হাইনাৰ দৰে সৈনিকৰ হিংস্র চকুৱে বিচাৰি ফুৰিছে ইউক্রেইনী গাভৰুৰ দেহ৷

টিণ্ডাৰ এপত হঠাতে এনেদৰে ৰুছ সৈনিকৰ বন্ধুত্বৰ আবদাৰ অহাৰ লগে লগে এপটোৰ মহিলা গ্রাহকসকল সতর্ক হৈ পৰিছে৷ ৰাজধানী কিয়েভৰ পিছতে ইউক্রেইনৰ বৃহৎ চহৰ হৈছে খার্কিভ৷ গতিকে, কিয়েভৰ এই মহিলাসকলে নিজৰ সম্ভ্রম ৰক্ষা কৰিবলৈ খার্কিভৰ ঠিকনা দিবলৈ লৈছে৷

সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি, দলে দলে মহিলাসকলে টিণ্ডাৰৰ ছেটিঙছত লোকেচন সলনি কৰি খার্কিভ বুলি উল্লেখ কৰিছে৷ ইউক্রেইনৰ এগৰাকী ভিডিঅ’ প্রডিউচাৰ ডাছা চিনলেনিকোভাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, ৰাছিয়াৰ সেনাই যিধৰণে বন্ধুত্ব বিচাৰিছে সেয়াও এক যুদ্ধৰ হাতিয়াৰ হ’ব পাৰে৷

স্মর্তব্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সেনাই কোৰিয়ান গাভৰুৰ ওপৰত যি পাশৱিক ধর্ষণ চলাইছিল, তাৰ জৰিয়তে এক নতুন প্রজন্ম জন্ম হৈছিল৷ এই প্রজন্মৰ বসতিক কোৰিয়াত জাৰজ পল্লী বুলি অভিহিত কৰা হৈছিল৷

You might also like