চীনত অভাৱনীয়ভাৱে হ্রাস শিশুৰ জন্মৰ হাৰ
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ জনসংখ্যা নিয়ন্ত্রণৰ বাবে কঠোৰ নীতি গ্রহণ কৰাৰ ফলত চীনত অভাৱনীয়ভাৱে হ্রাস পাইছে শিশুৰ জন্মৰ হাৰ৷ বিগত বর্ষটোত শিশুৰ জন্মৰ হাৰ ১৫ শতাংশ হ্রাস পাইছে দেশখনত৷ লক্ষণীয়ভাৱে বিশ্বৰ উন্নত দেশসমূহৰ তুলনাত চীনত নৱজাতকৰ সংখ্যা অভাৱনীয়ভাৱে হ্রাস পোৱাৰ ফলত উদ্বিগ্ণ হৈছে কমিউনিষ্ট চৰকাৰ৷
আৰক্ষীৰ ওচৰত পঞ্জীয়ন হোৱা অনুসৰি বর্ষটোত পূর্বতকৈ ১৫ শতাংশ নৱজাতকৰ সংখ্যা হ্রাস পোৱাৰ পিছতে দেশখনৰ জনসংখ্যা বিজ্ঞানলৈ নামি আহিছে ভাবুকি৷ ২০২০ চনত দেশখনত মুঠ ১০.০৪ নিযুত শিশুৰ জন্ম হৈছে৷ কালি দেশখনৰ ৰাজহুৱা নিৰাপত্তা মন্ত্রণালয়ে সদৰী কৰিছে এই তথ্য৷ অৱশ্যে বহু পিতৃ–মাতৃয়ে তাৎক্ষণিকভাৱে শিশুৰ জন্মৰ পঞ্জীয়ন নকৰে চীনত৷ গতিকে এই পৰিসংখ্যা শুদ্ধ নহ’বও পাৰে বুলি একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে৷