নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ দামামা !!! প্ৰশান্ত মহাসাগৰত আমেৰিকাৰ তিনি যুদ্ধজাহাজ, চীনৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ভাৰত-চীন সীমান্তৰ চেপা উত্তেজনাৰ সময়তে প্ৰশান্ত মহাসাগৰত আমেৰিকাৰ নিউক্লিয়াৰ ক্ষমতাসম্পন্ন তিনিখন যুদ্ধ জাহাজে টহল দিয়া প্ৰত্যক্ষ কৰা হৈছে।

১,০০,০০০ টন ওজনৰ বিমান বাহক যুদ্ধ জাহাজ তিনিখনৰ দুখনে প্ৰশান্ত মহাসাগৰৰ পশ্চিম দিশত আৰু এখনে পূব দিশত টহল দিয়া বুলি আমেৰিকান নেভিয়ে এটা প্ৰেছ বিবৃতিযোগে জনাইছে।

তেওঁলোকে এয়া ৰুটিনমাফিক কাৰ্যসূচী বুলি জনোৱাৰ লগতে কোনো দেশক লক্ষ্য কৰি এনে টহল দিয়া নাই বুলি উল্লেখ কৰে। কিন্তু আমেৰিকাৰ এই টহলক লৈ চলিত বছৰটোত প্ৰথমবাৰৰ বাবে চীন চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে।

চীন চৰকাৰৰ মতে, এই টহলৰ জৰিয়তে আমেৰিকাই বিতৰ্কিত দক্ষিণ চীন সাগৰৰ সিছা আৰু নানছা দ্বীপৰ চীনা সৈন্যলৈ ভাবুকি নমাই আনিব পাৰে। উল্লখ্য যে কৰোনা বিষয়ক কেন্দ্ৰ কৰি আমেৰিকা আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ ইতিমধ্যে অৱনতি ঘটাৰ বিপৰীতে ভাৰতৰে আমেৰিকাৰ সম্পৰ্কই নতুন দিশ লাভ কৰিছে।

ইয়াৰ মাজতে যোৱা সোমবাৰে ঘটি গ’ল ভাৰত-চীন সীমান্তৰ গলৱান ঘাটি কাণ্ড। এনে সময়তে আমেৰিকান নেভিৰ যুদ্ধ জাহাজৰ টহলদাৰীক সহজভাৱে ল’ব বিচৰা নাই চীনে।

You might also like