ৰুছ সেনাৰ বোমাত নিহত নিউয়র্ক টাইমছৰ সাংবাদিক
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ ইউক্রেইনৰ যুদ্ধত নিহত হৈছে ‘দ্য নিউয়র্ক টাইমছ’ কাকতৰ এগৰাকী সাংবাদিক৷ ৰাছিয়াৰ সেনাৰ গোলাবর্ষণত আহত হৈছে অন্য এগৰাকী সংবাদকর্মী৷ কিয়েভ প্রদেশৰ আৰক্ষীপ্রধান আন্দেই নেবিটোভে ইউক্রেইনৰ সংবাদ সংস্থাই প্রকাশ কৰা প্রতিবেদন অনুসৰি, কিয়েভৰ ইর্পিনত ৰুছ সেনাৰ আক্রমণত নিহত হৈছে নিউয়র্ক টাইমছৰ কর্মৰত সাংবাদিক ব্রেণ্ড ৰেণ্ডেৰ৷ এই সন্দর্ভত আৰক্ষী প্রধানগৰাকীয়ে নিজৰ ফেচবুক পোষ্টত নিহত সাংবাদিকগৰাকীৰ পৰিচয়–পত্র আৰু পাৰপত্রৰ ছবিও প্রকাশ কৰিছে৷
লক্ষণীয়ভাৱে ৰুছ সেনাই এইবাৰ আন্তর্জাতিক সংবাদ মাধ্যমৰ ওপৰত আক্রমণ চলোৱা বুলি অভিযোগ তুলিছে আৰক্ষীপ্রধান নেবিটোভে৷ অৱশ্যে তাৎক্ষণিকভাৱে সাংবাদিকগৰাকীৰ পৰিয়ালে কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷