এজনো লোকৰ মৃত্যু নোহোৱাকৈ ভিয়েটনামে জয় কৰিলে ক’ৰোনা যুদ্ধ
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ প্রতিগৰাকী নাগৰিকে নিজকে সৈনিক ৰূপে গঢ়িব লাগিব৷ প্রতিটো আৱাসিক অঞ্চল হ’ব লাগিব শত্রুৰ আক্রমণ প্রতিৰোধৰ দুর্গ৷ চীন সীমান্তৰ এখন সৰু দেশত এনেদৰেই আৰম্ভ হৈছিল যুদ্ধৰ প্রস্তুতি৷ দেশখনৰ নাম ভিয়েটনাম৷ হো চি মিনৰ দেশ ভিয়েটনাম৷ যাৰ আছে পৰাক্রম আৰু প্রতিৰোধৰ এক গৌৰৱোজ্জ্বল ইতিহাস৷ সীমান্তত শত্রুৰ উপস্থিতি দেখিলেই ভিয়েটনাম সষ্টম হৈ উঠে৷ আক্রমণ প্রতিৰোধৰ বাবে নিশাৰ ভিতৰতে ৰচে নিখুঁত কৌশল৷ প্রতিগৰাকী নাগৰিক হৈ উঠে একো একোজন নিখুঁত যোদ্ধা৷ কেইবাদশক পূর্বে এনেদৰেই এই সৰু দেশখনে প্রতিহত কৰিছিল মহাশক্তি আমেৰিকাৰ আক্রমণ৷ ইতিহাসৰ যেন আকৌ এবাৰ পুনৰাবৃত্তি হ’ল৷
সমগ্র মানৱ সম্প্রদায়ক বশীভূত কৰা এটা ভাইৰাছৰ বিৰুদ্ধে ভিয়েটনামে আগবঢ়োৱা যুঁজখনত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে৷ কাৰণ বিত্তৱান–মহাশক্তিম্ ৰাষ্ট্রসমূহ এফালৰ পৰা ধৰাশায়ী হৈ অহাৰ সময়ত কেৱল ভিয়েটনামেই ন’ভেল ক’ৰোনা নামৰ ভাইৰাছবিধৰ ওচৰত এতিয়ালৈকে আত্মসমর্পণ কৰা নাই৷ অথচ সীমান্তত এতিয়াও আক্রমণৰ সুৰুঙা বিচাৰি আছে ক’ৰোনা ভাইৰাছে৷ চীনৰ য়ুহান চহৰৰ পৰা আৰম্ভ হোৱা ক’ৰোনাৰ আক্রমণ সমগ্র বিশ্বত বিয়পি পৰিবলৈ বেছি সময়ৰ প্রয়োজন নহ’ল৷ সাত সাগৰ তেৰ নদীৰ সিপাৰতো তাণ্ডৱ চলালে ক’ৰোনাই৷ কমেও ১০ হাজাৰ কিলোমিটাৰ নিলগৰ ইউৰোপ ধূলিসাৎ হৈ গৈছে৷ আমেৰিকাই সর্বশক্তি প্রয়োগ কৰিও উৱাদিহ পোৱা নাই৷ অথচ চীনৰ লগত ১,১০০ কিলোমিটাৰ সীমান্ত সংলগ্ণ হৈ থকা ভিয়েটনাম এতিয়াও অক্ষত হৈ ৰৈছে৷
এজনো ক’ৰোনা ৰোগীৰ মৃত্যু হোৱা নাই ভিয়েটনামত৷ ক’ৰোনা যুদ্ধত এক আশ্চর্যকৰ উদাহৰণ হৈ উঠিছে ভিয়েটনাম৷ আৰম্ভণিৰে পৰা নিজস্ব ৰণকৌশলেৰে ক’ৰোনাৰ বিৰুদ্ধে সমুখসমৰত অৱতীর্ণ হোৱা দেশখনৰ সকলো চহৰৰ পৰা প্রত্যাহাৰ কৰা হৈছে লকডাউন৷ বিদ্যালয়, মহাবিদ্যালয়সমূহ পুনৰ খুলিবলৈ নির্দেশ দিয়া হৈছে৷ যদিও বিজয় উৎসৱ উদ্যাপনৰ সময় এতিয়াও হোৱা নাই, তাৰ পাছতো মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভিয়েটনাম ঐশ্বর্যশালী দেশসমূহৰ বাবেও আদর্শ হৈ পৰিছে৷ চীনত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাৰ পাছতেই ভিয়েটনামৰ ৱাৰৰুমত ব্যস্ত হৈ পৰিছিল দেশৰ প্রধানমন্ত্রীসহ মন্ত্রী পৰিষদৰ সদস্যসকল৷ সন্মুখত প্রবল সংকট৷ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি, চিকিৎসালয়ত পর্যাপ্ত আই চি ইউৰ অভাৱ সকলো দিশৰ পৰাই প্রত্যাহ্বান আছিল গভীৰ৷ ৰণনীতি কম সময়ৰ ভিতৰতে চূড়ান্ত কৰা হ’ল৷ জানুৱাৰীৰ শেষৰফালে ভিয়েটনামত প্রথমগৰাকী ক’ৰানা ৰোগী ধৰা পৰে৷ তাৰ পাছতে যুদ্ধক্ষেত্রত জঁপিয়াই পৰে সতীর্থসহ দেশখনৰ প্রধানমন্ত্রী গুৱেন জাৱান ফুক৷ দেশবাসীক মনত পেলাই দিলে আমেৰিকা যুদ্ধৰ সময়ৰ কাহিনী৷ প্রধানমন্ত্রী ফুকে ঘোষণা কৰিলে– মহামাৰীৰ বিৰুদ্ধে যুঁজা মানে হ’ল শত্রুৰ বিৰুদ্ধে যুঁজ দিয়া৷ সমগ্র প্রশাসনযন্ত্রক সতর্ক কৰি দিয়া হ’ল৷
জনগণক আহ্বান জনোৱা হ’ল একোজন সৈনিকৰ দৰে আচৰণ কৰিবলৈ আৰু নিজৰ ঘৰবোৰক দুর্গৰ ৰূপত গঢ়িবলৈ৷ প্রথমটো পজিটিভ কেছ ধৰা পৰাৰ পাছতে চীন সংলগ্ণ সকলো সীমা বন্ধ কৰি দিয়া হ’ল৷ সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হ’ল৷ এয়াৰপ’টত অহর্নিশে সষ্টম হৈ ৰ’ল স্বাস্থ্যকর্মীৰ দল৷ বিমানেৰে অহা প্রতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ল৷ প্রাথমিক পৰীক্ষাত দেখা গ’ল যে বিদেশৰ পৰা অহা লোকৰ ক্ষেত্রতহে সংক্রমণৰ আশংকা অধিক৷ ইয়াৰ পাছতেই প্রতিগৰাকী বিদেশী নাগৰিকৰ বাবে ১৪ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক কৰিলে ভিয়েটনাম চৰকাৰে৷ বিলাসী হোটেলবোৰ হৈ পৰিল কোৱাৰেণ্টাইন চেণ্টাৰ৷ ব্যয় বহন কৰিলে চৰকাৰে৷ আৰু মার্চৰ শেষৰ পৰা বিমানবন্দৰ আৰু আন পথেৰেও দেশখনত বহিৰাগত লোকৰ প্রৱেশ নিষিদ্ধ কৰা হ’ল৷ সমান্তৰালভাৱে অব্যাহত থাকিল কনটেক্ট ট্রেছিং৷ ক’ৰোনা আক্রান্ত প্রতিগৰাকী লোকক কোৱাৰেণ্টাইনত ৰখাৰ পাছতে সমগ্র চৰকাৰী বাহিনীয়ে ৰোগীৰ লগত সংস্পর্শলৈ অহা আন লোকসকলৰ পৰিচয় উদ্ধাৰ কৰাত ব্যস্ত হৈ পৰিল৷ যিমান সম্ভৱ সিমান দূৰলৈকে কনটেক্ট ট্রেছিং কৰি আইছ’লেচন আৰু টেষ্টিঙত জোৰ দিয়া হ’ল৷
আনকি ইয়াৰ বাবে নিয়োগ কৰা হ’ল চোৰাংচোৱা বাহিনীও৷ পাহাৰ আৰু ঘন হাবিৰে ভৰি থকা ভিয়েটনামৰ অর্থনীতিও আমেৰিকা বা ইউৰোপৰ দৰে শক্তিশালী নহয়৷ যাৰ বাবে জার্মানী–দক্ষিণ কোৰিয়া আদি দেশৰ দৰে নাগৰিকসকলৰ ধাৰাবাহিক স্বাস্থ্য পৰীক্ষা কৰোৱাটো অসম্ভৱ হৈ উঠিল৷ কিন্তু সোনকালেই দেশখনে এই প্রত্যাহ্বান অতিক্রম কৰিলে৷ নিজৰ দেশতেই নির্মাণ কৰিলে টেষ্টিং কিট৷ অত্যন্ত কম ব্যয়েৰে প্রস্তুত কৰা টেষ্টিং কিটৰ সহায়ত স্বাস্থ্য পৰীক্ষাৰ সংখ্য বঢ়াই দিয়া হ’ল৷ একে সময়তে বাণিজ্যিক ৰাজধানী হো চি মিন চহৰ আৰু আন কেইখনমান জনবহুল চহৰত বলৱৎ কৰা হ’ল লকডাউন৷ কিন্তু ভিয়েটনামে এই যুঁজত সফল হোৱাৰ প্রধান মন্ত্রটোৱে হ’ল– সামাজিক সজাগতা৷ ক’ৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নিস্তেজ–নিষ্প্রাণ–বিজ্ প্রকাশৰ সলনি ভিয়েটনাম চৰকাৰে সংবাদ মাধ্যমত ছ’চিয়েল মিডিয়াত সম্প্রচাৰ কৰিলে কেতবোৰ সৰু সৰু মিউজিক ভিডি’, আকর্ষণীয় কার্টুন৷ দেৱালত আঁৰি দিয়া হ’ল দৃষ্টিনন্দন পোষ্টাৰ৷ সর্বোপৰি ক’ৰোনাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্রচাৰ কৰা এটা গানে সকলো সীমা অতিক্রম কৰিলে৷ গীতৰ ভাষাৰে কোৱা হ’ল– ‘ডাওগান কো মোট ভাইৰাছ ৰেট হট (আমাৰ মাজত আহি পৰিছে এটা মাৰাত্মক ভাইৰাছ)… টেন কুৱা এমে ক’ৰোনা (ইয়াৰ নাম ক’ৰোনা)…৷’ ভিয়েটনামী ভাষাৰে এই গীতত এটা এটাকৈ ক’ৰোনাৰ পৰা বাচিবলৈ ল’বলগীয়া সাৱধানতাৰ বিষয়ে উল্লেখ কৰা হ’ল৷
প্রাণোদ্দীপক সুৰ, মনক উদ্বুদ্ধ কৰা মিউজিকৰ শেষত প্রত্যয়ৰে ঘোষণা কৰা হ’ল– ‘ভিয়েটনাম টা কুৱেট থান বেন কিক’ অর্থাৎ জয়ৰ সাহস ভিয়েটনামৰ আছে, মহামাৰীক পৰাভূত কৰাৰ সাহসো ভিয়েটনামে ৰাখিছে৷ চীন সীমান্তৰ এই সৰু দেশখনৰ ৯.৭ কোটি নাগৰিক এটা গীতেৰে, এটা সুৰেৰে উদ্বুদ্ধ হ’ল৷ পৰিস্থিতিক যুদ্ধৰ দৰেই অনুধাৱন কৰিলে, ক’ৰোনাক শত্রুৰ ৰূপত ল’লে আৰু নিজকে সাজু কৰিলে ক’ৰোনা যুঁজৰ সৈনিক হিচাপে৷ ঘৰবোৰ পৰিণত হ’ল দুর্গত৷ কোনো পৰিস্থিতিত ক’ৰোনাক আক্রমণৰ সুযোগ নিদিবলৈ সংকল্পবদ্ধ হ’ল৷ আৰু আজিৰ দিনটোলৈ মুঠ ২৭০গৰাকী লোক ক’ৰোনাত আক্রান্ত হোৱা ভিয়েটনামত এজনো লোকৰ মৃত্যু হোৱা নাই৷ ক’ৰোনা যুঁজত প্রায় বিজয়ৰ দিশে আগবঢ়া দেশখনৰ তিনিখন চহৰ লকডাউনৰ কবলত আছিল, তাৰ পৰাও প্রত্যাহাৰ কৰা হ’ল লকডাউন৷ বিদ্যালয়সমূহ খুলিবলৈ নির্দেশ দিয়া হৈছে৷ হয়তো সোনকালেই স্বাভাৱিক ছন্দলৈ ঘূৰি আহিব ভিয়েটনামৰ দৈনন্দিন জীৱনযাত্রা৷