নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রত ৰ’ভাৰ প্রজ্ঞানৰ সঞ্চালনৰ অভিনৱ ফটো প্রেৰণ বিক্রম লেণ্ডাৰৰ

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : ‘চন্দ্র মামাৰ চোতালত এটি শিশুৱে চঞ্চলতাৰে খেলি আছে৷’– এই শীর্ষকেৰে আজি চন্দ্রপৃষ্ঠত প্রজ্ঞানৰ সঞ্চালনৰ এখন আলোকচিত্র প্রচাৰ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰ’ৱে৷ বিক্রম লেণ্ডাৰৰ বুকুৰ পৰা চন্দ্রপৃষ্ঠত পদার্পণ কৰি ৰ’ভাৰ প্রজ্ঞানে নিত্য–নতুন ৰহস্যময় তথ্য উদ্ঘাটন কৰি পৃথিৱীলৈ প্রেৰণ কৰি থকাৰ মাজতে প্রজ্ঞানে চন্দ্রপৃষ্ঠত ঠাইতে ঘূৰি সঞ্চালন কৰাৰ ভিডিঅ’ আৰু আলোকচিত্র ইছৰ’ৱে প্রচাৰ কৰে৷ বিক্রম লেণ্ডাৰে তোলা ৰ’ভাৰ প্রজ্ঞানৰ এই আপুৰুগীয়া ভিডিঅ’ আৰু আলোকচিত্র প্রচাৰ কৰি ইছৰ’ৱে চন্দ্রপৃষ্ঠত প্রজ্ঞানে অভিযান দ্রুতগতিত আগবঢ়াই নি আছে বুলি কয়৷ প্রজ্ঞানৰ ‘মুনৱাক’ ভিডিঅ’ ইছৰ’ৱে টুইটযোগে প্রচাৰ কৰাৰ পাছতে দেশৰ জনতাৰ মাজত চন্দ্রৰ ৰহস্যক লৈ উৎসুকতা ক্রমান্বয়ে বাঢ়ি গৈ আছে৷ ৪ মিটাৰ ব্যাসার্ধৰ গাঁতত পৰাৰ পৰা ৰক্ষা পৰাৰ পাছত প্রজ্ঞানে পৃথক আৰু সুৰক্ষিত পথেৰে চন্দ্রপৃষ্ঠত বৈজ্ঞানিক গৱেষণাৰ অন্বেষণ অব্যাহত ৰাখিছে৷ ৰ’ভাৰ প্রজ্ঞানৰ নেভকেমেৰে বিক্রম লেণ্ডাৰৰ ফটো তুলি মিছনৰ সর্বশ্রেষ্ঠ আলোকচিত্র  পৃথিৱীলৈ প্রেৰণ কৰা ৰ’ভাৰৰ ‘মুনৱাক’ৰ ভিডিঅ’ বিক্রমে প্রেৰণ কৰিছে৷ অর্থাৎ নির্ধাৰিত সময় অনুসৰিয়ে বিক্রম আৰু প্রজ্ঞানে ইটোৱে সিটোৰ ফটো তুলি চন্দ্রপৃষ্ঠৰ ৰহস্য উদ্ঘাটন কৰি আছে৷ যোৱা ২৩ আগষ্টত চন্দ্রৰ দক্ষিণ মেৰুত ইতিহাস সৃষ্টি কৰি চন্দ্রযান–৩ৰ বিক্রম লেণ্ডাৰে মসৃণ অৱতৰণ কৰাৰ পাছত পৃথিৱীৰ মতে ১৪ দিনীয়া অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্র কেইটামান দিন বাকী আছে৷ ২৩ আগষ্টৰ পৰা আজিলৈকে বিক্রম লেণ্ডাৰে চন্দ্রৰ তাপমাত্রা, কম্পন আদিৰ তথ্য পৃথিৱীলৈ প্রেৰণ কৰাৰ পাছত প্রজ্ঞানে চন্দ্রপৃষ্ঠত থকা ৰাসায়নিক–খনিজ পদার্থৰ গুৰুত্বপূর্ণ সন্ধান লাভ কৰিছে৷ দুদিন পূর্বে চন্দ্রৰ দক্ষিণ মেৰুত ছালফাৰ থকাটো নিশ্চিত কৰাৰ পাছত কালি পুনৰ প্রজ্ঞানে ছালফাৰৰ স্থিতি নিশ্চিত কৰি তথ্য প্রেৰণ কৰিছে৷ অক্সিজেনৰ সন্ধান লাভ কৰা বুলি ইতিপূর্বে প্রজ্ঞানে তথ্য প্রেৰণ কৰিছে৷ বহু গুৰুত্বপূর্ণ উপাদান, হাইড্র’জেনৰ সন্ধানত অভিযান চলাই আছে প্রজ্ঞানে৷

You might also like