নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেমী বিজয়ী কণ্ঠশিল্পী নেন্সি গ্রীফিথৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ গ্রেমী বঁটা বিজয়ী কণ্ঠশিল্পী–গীতিকাৰ– বাদক নেন্সি গ্রীফিথৰ ৬৮ বছৰ বয়সত দেহাৱসান ঘটিছে৷ ১৯৯৪ চনত আডাৰ ভইছেছ, আডাৰ ৰুমছ শীর্ষক এলবামৰ বাবে গ্রেমী বঁটা লাভ কৰা কণ্ঠশিল্পী নেন্সি গ্রীফিথৰ ১৯৫৩ চনত আমেৰিকাৰ টেক্সাছত জন্ম হৈছিল৷ ১৯৭০ চনত অষ্টিনত নার্ছাৰী শিক্ষক হিচাপে কর্মৰত অৱস্থাত লোকগীতৰ পৰিৱেশন কৰা নেন্সিয়ে প্রখ্যাত শিল্পী উইলি নেলছনকে ধৰি বিভিন্ন শিল্পীৰ সৈতে দ্বৈত সংগীতত কণ্ঠদান কৰি ভূয়সী প্রশংসিত হৈছিল৷

১৯৮৫ চনত টেনেছিৰ নাছভিললেই গৈ তাতেই বসবাস কৰিবলৈ লোৱা নেন্সি গ্রীফিথে সংগীতৰ ক্ষেত্রখনত নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ ১৯৯০ চনত কর্কটত আক্রান্ত হ’লেও পাছলৈ এই ৰোগ জয় কৰি কণ্ঠশিল্পীগৰাকীয়ে সংগীতৰ যাত্রা অব্যাহত ৰাখে৷ ২০১২ চনত শিল্পীগৰাকীয়ে তেওঁৰ অন্তিম এলবাম মুকলি কৰে৷ গ্রেমী বঁটাৰ উপৰি ৱর্ল্ড ফক মিউজিক এছ’চিয়েচনৰ দ্বাৰা প্রদান কৰা কেট ৱ’ল্ফ মেম’ৰিয়েল এৱার্ড, আমেৰিকানা মিউজিক এছ’চিয়েচনৰ আমেৰিকান ট্রেইলব্লেজাৰ বঁটা লাভ কৰিছিল৷

শিল্পীগৰাকীৰ প্রখ্যাত ভিডিঅ’ এলবামৰ ভিতৰত আই নিউ লাভ, ইটছ এ হার্ড লাইফ হোৱেইন ইভাৰ ই গ’, লেট নাইট গ্রেণ্ড হোটেল, ডিছ হার্ট, স্পিট অৱ দ্য ছাউণ্ড অৱ লনলিনেছ আৰু ৱেল অল ৰাইট৷ শিল্পীগৰাকীৰ মৃত্যুত বিশ্বৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে৷

You might also like