ক’ভিড–১৯ লকডাউন জধেমধে প্রত্যাহাৰ নকৰিবলৈ দেশসমূহক সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ
নিয়মীয়া বাৰ্তা, ৮ মে’ : মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে বলৱৎ কৰা লকডাউন বিশ্বৰ দেশসমূহে পর্যায়ক্রমে প্রত্যাহাৰৰ দিশে আগবঢ়াৰ সময়তে লকডাউন প্রত্যাহাৰ নকৰিবলৈ সকীয়নি দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
দেশসমূহক জধেমধে লকডাউন প্রত্যাহাৰ নকৰিবলৈ সকীয়নি দি বিশ্ব স্বাস্থ্য সংস্থাই কয় যে লকডাউন প্রত্যাহাৰৰ ক্ষেত্রত দেশসমূহে অধিক সজাগতা গ্রহণ কৰক৷ কিয়নো হঠাতে নতুনকৈ ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে৷
‘হু’ৰ জেনেভাস্থিত কার্যালয়ত সচিবপ্রধান টেড্রছ আধানম গেব্রেয়েছাছে এখন সংবাদ মেলত কয় যে দেশসমূহে ক’ৰোনা ভাইৰাছ পৰীক্ষণ ব্যৱস্থা পর্যাপ্ত কৰাৰ লগতে ঘাতক মহামাৰী ভাইৰাছটোৰ সংক্রমণ সম্প্রসাৰণ পৰীক্ষণৰ বাবে কোৱাৰেণ্টাইন ব্যৱস্থা সঠিকভাৱে প্রয়োগ কৰিব লাগিব৷ যদি ততাতৈয়াকৈ লকডাউন প্রত্যাহাৰ কৰে, তেতিয়া হ’লে ভাইৰাছটোৱে পুনৰ সক্রিয় হৈ ভয়াৱহতাৰ সৃষ্টি কৰিব৷
মন কৰিবলগীয়া যে ক’ভিড–১৯ত বিধ্বস্ত স্পেইন, ইটালী, জার্মানীৰ লেখীয়া দেশে ক’ৰোনা ভাইৰাছ লকডাউনত ৰেহাই আৰম্ভ কৰিছে৷ তদুপৰি বিধ্বস্ত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও দেশত লকডাউন প্রত্যাহাৰ কৰাৰ ইচ্ছা প্রকাশ কৰাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই এই সকীয়নি দিছে৷