শীঘ্রে বিশ্বজুৰি বিয়পি পৰিব ক’ভিডৰ অমিক্রন ভেৰিয়েণ্টঃ হু
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ক’ভিডৰ পৰিৱর্তিত প্রকৰণ অমিক্রন অধিক ভয়াৱহ হ’ব বুলি সতর্কবাণী কৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই৷ সংস্থাটোৰ তৰফৰ পৰা কালি সতর্কবাণী কৰা হৈছে যে ইতিমধ্যে বিশ্বৰ ৭৭খন দেশলৈ অমিক্রন বিয়পি পৰিছে৷ অতি কম সময়ৰ ভিতৰতে বিশ্বৰ সকলো দেশত অমিক্রনৰ সংক্রমণ ঘটিব বুলি আশংকা কৰিছে সংস্থাটোৰ মুৰব্বী টেড্র’ছ আধানম ঘেব্রিয়েছাছে৷ লক্ষণীয়ভাৱে অমিক্রনৰ সংক্রমণক লৈ বিশ্ব স্বাস্থ্য সংস্থাই এই সতর্কবাণী কৰাৰ সময়তে দৰব প্রস্তুত সংস্থা ফাইজাৰে ক’ৰোনা ভাইৰাছ প্রতিৰোধী পিল প্রস্তুত কৰি উলিওৱা বুলি দাবী কৰিছে৷ ফাইজাৰৰ মতে অমিক্রন ভেৰিয়েণ্টৰ বিৰুদ্ধে এই পিল ফলপ্রসূ হ’ব৷ অৱশ্যে এই সন্দর্ভত এতিয়াও সবিশেষ তথ্য সদৰী কৰা নাই সংস্থাটোৱে৷