চীনত প্রাক্তন স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক: ছ’চিয়েল মিডিয়াত ধুমুহা
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ চীনৰ এগৰাকী ব্ল’গাৰক তেওঁৰ প্রাক্তন স্বামীয়ে জীৱন্তে জ্বলোৱা ঘটনাক লৈ দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ ৩০ বছৰীয়া ছ’চিয়েল মিডিয়া ষ্টাৰ লামুৱে লাইভ ষ্ট্রীমত এক ৰেকর্ডিং কৰি থকাৰ সময়তে প্রাক্তন স্বামী টাঙে আহি পেট্র’ল ঢ়ালি লামুৰ শৰীৰত অগ্নি সংযোগ কৰে৷ এই ঘটনাৰ ফলত লামুৰ শৰীৰৰ ৯০ শতাংশ জ্বলি যায়৷ অৱশ্যে মুমূর্ষু অৱস্থাত প্রায় দুসপ্তাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ থাকে লামু৷
ছিছুৱান প্রদেশৰ এই ঘটনাই এতিয়া সমগ্র চীনত সৃষ্টি কৰিছে শিহৰণ৷ যোৱা ১৪ ছেপ্ঢেম্বৰত লামুৰ স্বামী টাঙে পৰিয়ালৰ অন্য সদস্যসকলৰ সন্মুখতে এই জঘন্য তথা পাশৱিক কাণ্ড সংঘটিত কৰিছিল৷ ডেইলী মেইলৰ প্রতিবেদন অনুসৰি এই শিহৰণকাৰী ঘটনাই ছ’চিয়েল মিডিয়াত সৃষ্টি কৰিছে ধুমুহা৷
স্মর্তব্য যে ঘৰুৱা হিংসাৰ বাবেই টাঙৰ সৈতে বিবাহ বিচ্ছেদ বিচাৰিছিল লামুৱে৷ ২০১৯ৰ আৰম্ভণিৰে পৰা দুয়ো পৃথকে থাকিবলৈ লৈছিল৷ ইফালে, দুই সন্তানৰ পিতৃ–মাতৃ লামু আৰু টাঙে এটাকৈ সন্তানক লালন–পালন কৰাৰ সুযোগ লাভ কৰিছে আইনী প্রক্রিয়াৰে৷ এই শিহৰণকাৰী ঘটনাৰ পিছতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে টাঙক৷ উল্লেখনীয় যে গ্রামীণ চীনৰ বিভিন্ন ঘটনাৰ ভিডিঅ’ প্রস্তুত কৰিছিল লামুৱে