চীনা যুৱকৰ সৈতে বৃদ্ধি পাইছে পাক যুৱতীৰ বলপূর্বক বিবাহ
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ চীনৰ এক শিশুৰ নীতিৰ বাবে এতিয়া দেশখনৰ বহু পুৰুষে পাকিস্তানী কইনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে৷ চীন–পাকিস্তান অর্থনৈতিক কৰিড’ৰ বা চিপিইচিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পর্ক বৃদ্ধি কৰিছে৷ জনসাধাৰণৰ মাজত সম্পর্ক বৃদ্ধিৰ লগে লগে বৈবাহিক সম্পর্কও স্থাপন হৈছে দেশ দুখনৰ বহু যুৱক–যুৱতীৰ মাজত৷ অৱশ্যে পাকিস্তানী যুৱতীয়ে চীনা দৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ ঘটনা বেছি ঘটিছে বিগত সময়ছোৱাত৷ ইয়াৰ মূল কাৰণ অর্থনৈতিক বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷
লক্ষণীয়ভাৱে শেহতীয়াকৈ এনে বিবাহপাশত ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ যুৱতীসকলক আবদ্ধ হ’বলৈ বাধ্য কৰোৱা হৈছে৷ চিপিইচিৰ গইনা লৈ আর্থ–সামাজিক দিশত পিছপৰা পাকিস্তানৰ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ যুৱতীসকলক চীনা লোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য কৰাইছে অপৰাধী চক্রই৷ এনেদৰে বলপূর্বক বিবাহৰ বলি হোৱা যুৱতীসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে খ্রীষ্টান৷ লাহোৰ, ৰাৱালপিণ্ডি, গুজৰানৱালা, ফইছালাবাদ, মান্দি বাহাউদ্দিন আদি চহৰৰ পৰা শেহতীয়াকৈ দ্রুতহাৰত এনেদৰে পাক যুৱতীক অপৰাধী চক্রই অপহৰণ কৰি চীনা যুৱকৰ হাতত গতাইছে৷ ইয়াৰ বাবে বৃহৎ অংকৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে অপৰাধী চক্রবোৰে৷