ভাৰতৰ প্রব্রজিত শ্রমিকৰ ভ্রাম্য নিৰাপত্তা নেটৱর্কৰ বাবে বিশ্ব বেংকৰ ১০০ কোটিৰ সাহায্য
স্বাস্থ্য–সামাজিক সুৰক্ষা, উদ্যোগ খণ্ডত চৰকাৰৰ সৈতে যৌথভাৱে কাম কৰাৰ প্রতিশ্রুতি
নিয়মীয়া বাৰ্তা, ১৬ মে’ : ক’ভিড–১৯ত আক্রান্ত ভাৰতৰ বাবে বৃহৎ অংকৰ সাহায্য ঘোষণা কৰিছে বিশ্ব বেংকে ৷ শুকুৰবাৰে বিশ্ব বেংকৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে দেশখনৰ বিভিন্ন সামাজিক প্রকল্পৰ বাবে এশ কোটি টকাৰ আর্থিক পেকেজৰ অনুমোদন দিয়া হৈছে ৷ বিশ্ব বেংকে আৰু জনোৱা মতে ভাৰত চৰকাৰৰ সৈতে তিনিটা ক্ষেত্রত একেলগে কাম কৰিব ৷ সেয়া হ’ল স্বাস্থ্য, সামাজিক সুৰক্ষা আৰু ক্ষুদ্র–মধ্যমীয়া শিল্পী উদ্যোগ ৷ ভাৰতৰ বিশ্ব বেংকৰ সঞ্চালক জুনেইড আহমেদে জানিবলৈ দি কয়, ‘সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে অর্থনীতিৰ গতি হ্রাস পাইছে৷ ভাৰত চৰকাৰে প্রথমৰ পৰাই দৰিদ্র লোকসকলৰ কল্যাণৰ প্রতি দৃষ্টি ৰাখিছে ৷ চিকিৎসা ব্যৱস্থা আৰু অর্থনীতিক পুনৰ উজ্জীৱিত কৰাৰ বাবে একোটা সেতু বন্ধনৰ সৃষ্টি কৰিছে চৰকাৰে৷ পূর্বৰ পৰাই দেশৰ যি পৰিকাঠামো আছে সেয়া ধন–জন, আধাৰ, প্রব্রজিত শ্রমিক আৰু অসংগঠিত ক্ষেত্রৰ শ্রমিকসকলৰ উন্নয়নৰ ক্ষেত্রত দৃষ্টি ৰাখিছে৷’ বিশ্ব বেংকৰ সূত্র মতে ‘ভাৰতৰ প্রব্রজিত শ্রমিকৰ ভ্রাম্য নিৰাপত্তা নেটৱর্ক আৰু কেন্দ্রৰ সমাজ কল্যাণমূলক প্রকল্পসমূহত সাহায্য কৰাৰ বাবেই এই অনুদান প্রদান কৰা হৈছে৷ উল্লেখ্য যে প্রথম পর্যায়ৰ লকডাউন ঘোষণা কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দৰিদ্র কল্যাণ যোজনা ঘোষণা কৰিছিল৷ যাৰ অধীনত প্রতিটো দৰিদ্র পৰিয়ালক বিনামূল্যে খাদ্য শস্য, ধন–জন একাউণ্টৰ যোগেদি মহিলাৰ বাবে মাহে ৫০০ টকা আৰু উজ্জ্বলা যোজনাৰ গেছ বিনামূল্যে দিয়া হৈছে৷ এক লাখ ৭০ হাজাৰ কোটি টকাৰ এই প্রকল্পত সুখী বিশ্ব বেংক ৷