নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব ভাৰত-আমেৰিকাই

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে মন্তব্য কৰিছে যে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে আমেৰিকৰ সৈতে একেলগে সহযোগিতাৰে যুঁজ দিব । সমগ্ৰ বিশ্বত হাজাৰ-হাজাৰ লোকৰ মৃত্যু আৰু লাখ লাখ লোক আক্ৰান্ত হোৱা এই বিভীষিকাময় পৰিস্থিতিত মহামাৰীৰ বিৰুদ্ধে জয়ী হ’বলৈ দুয়ো দেশে একেলগে কাম কৰিছে । মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে শনিবাৰে এই সন্দৰ্ভত ফোনযোগে বাৰ্তালাপতো মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । এক টুইটাৰ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ক’ৰোনা মহামাৰী সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে আৰু ভাৰত আমেৰিকাই একেলগে সৰ্বশক্তিৰে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ সন্মত হয় । উল্লেখ্য যে, বিশ্বৰ বিৰুদ্ধে সৰ্বাধিক মহামাৰীত আক্ৰান্ত দেশ হ’ল আমেৰিকা । দেশখনত ২ লাখ ৮০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭ সহস্ৰাধিক লোকৰ । আনহাতে, ভাৰততো আজিলৈকে ৩ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছে ৯১ জন লোক ।

You might also like