নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ ল’ ছি য়া ম

ক’ল’ছিয়াম বা কলোছিয়াম ৰোমান সভ্যতাত নির্মিত এক বিশেষ ধৰণৰ প্রেক্ষাগৃহ৷ এই প্রেক্ষাগৃহ ৬৯ খ্রীষ্টাব্দত ৰোম চহৰত নির্মাণ কৰা হৈছিল৷ সুদীর্ঘ ১৩ বছৰ ধৰি চলা ক’ল’ছিয়ামৰ নির্মাণকার্য সম্পূর্ণ হয় ৮২ খ্রীষ্টাব্দত৷ এনেধৰণৰ ৰোমান সৌধক ইংৰাজীত এম্ফিথিয়েটাৰ বোলে৷ আধুনিক কালৰ অলিম্পিক তথা ক্রিকেট ষ্টেডিয়ামৰ লগত ইয়াৰ আকাৰ আৰু ব্যৱহাৰৰ ভালেখিনি সাদৃশ্য আছে৷ ক’ল’ছিয়ামৰ আকৃতি অর্ধবৃত্তাকাৰ, ওপৰত কোনো ছাদ নাই, মুকলি আকাশ৷ সোঁমাজত অৱস্থিত ৰংগমঞ্চৰ কেউকাষে আজিকালিৰ ষ্টেডিয়ামৰ দৰে ঢ়াপে ঢ়াপে শাৰী শাৰী দর্শকৰ আসন৷ শিল, কংক্রিট আদিৰে নির্মিত ক’ল’ছিয়ামৰ দৈর্ঘ্য ১৯০ মিটাৰ (প্রায় ৬২৩ ফুট) আৰু প্রস্থ ১৫৫ মিটাৰ (প্রায় ৫০৯ ফুট)৷ ক’ল’ছিয়ামৰ কেন্দ্রস্থলত থকা ৰংগমঞ্চ বা ৰংগভূমিৰ নাম এৰিনা৷ ইয়াৰ অর্থ বালি বা বালিময় ভূমি৷ ৰংগভূমি বালিময় হোৱাৰ কাৰণে ইয়াক এৰিনা বোলা হৈছিল৷ প্রেক্ষাগৃহৰ দৰে এৰিনাও উপ–বৃত্তাকাৰ৷ ইয়াৰ দীঘ প্রায় ৮৭ মিটাৰ (২৮৭ ফুট) আৰু বহল প্রায় ৬০ মিটাৰ (১৮০ ফুট)৷ এৰিনাৰ কাষৰ পৰা ক্রমে ওপৰলৈকে গেলেৰীৰ দৰে দর্শকৰ আসনসমূহ বিস্তৃত৷ ক’ল’ছিয়ামত একেলগে ৫০ হাজাৰ দর্শক বহাৰ ব্যৱস্থা আছিল৷ বাহিৰৰ পৰা দেখিলে চাৰিমহলীয়া যেন লাগে যদিও ভিতৰত ই তিনিমহলীয়া৷

You might also like