নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২টা লং আৰু গাখীৰে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে

লং ঔষধীয় গুণেৰে পৰিপুষ্ট। স্বাস্থ্যৰ কাৰণে লং বহুত প্ৰয়োজন। কিন্তু লং যদি গাখীৰত মিহলাই খায় তেতিয়া শৰীৰত বহুত উপকাৰ হয়। কৰোনাৰ সময়ত শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা ৰখাটো বহুত জৰুৰী। লং আৰু গাখীৰ মিহলি কৰি খালে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। যদি দৈনিক গাখীৰৰ লগত দুটা লং খায়, শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি হোৱাৰ লগতে শৰীৰৰ বহু ৰোগৰ পৰা মুক্তি পাব।

দৰাচলতে লংত এণ্টিবেক্টেৰিলে গুণ পোৱা যায়, লগতে পটাচিয়াম, আয়ৰন, ফাইবাৰ, ওমেগা-৩ আৰু ফচফৰাচ পৰ্যাপ্ত পৰিমাণ পোৱা যায়।

ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰেঃ প্ৰতিদিনেই গাখীৰৰ লগত দুটা লং খালে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে। কাৰণ গাখীৰত পটাচিয়াম, মেগনেচিয়াম, মিনাৰেল, কেলচিয়াম পোৱা যায়। লগতে লঙত ব্লাড  প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাৰ গুণ থাকে, যাৰ বাবে যি সকল লোকৰ ব্লাড প্ৰেছাৰ থাকে সেই সকল লোকে লং আৰু গাখীৰ খাব লাগে।

হজম শক্তি বৃদ্ধি কৰেঃ গেছৰ সমস্যাৰ পৰা মুক্তি দিয়ে গাখীৰত লং দি খালে পেট পৰিস্কাৰ হয়। যাৰ বাবে শৰীৰত হজম শক্তিৰ বৃদ্ধি হয়।

পুৰুষৰ বাবে অতি উত্তমঃ গাখীৰৰ লগত লং খালে পুৰুষৰ শৰীৰ মজবুত হয়। দুয়োটা সেৱন কৰিলে শৰীৰত কেলচিয়ামৰ পৰিমাণ হ্ৰাস নহয়। প্ৰতিদিনেই লং আৰু গাখীৰ সেৱন কৰিলে শৰীৰত শক্তি বৃদ্ধি হোৱাৰ লগতে শীঘ্ৰ পতনৰ সমস্যাৰ পৰা মুক্তি পায়।

বৃক্কৰ বাবে খুবেই উপকাৰীঃ গাখীৰৰ সৈতে লং বৃক্কৰ বাবে  উপকাৰী। লংত ফাইবাৰ বহু পৰিমাণে পোৱা যায়। যি বৃক্ক ৰোগৰ পৰা দূৰ কৰে। গাখীৰেও বৃক্ক মজবুত কৰে।

You might also like