আমি বাস কৰা পৃথিৱীখনৰ বিষয়ে ক’বলৈ গ’লে শেষেই নহ’ব৷ চাৰিওফালে কিমান যে বিচিত্রতা, কিমান যে আজব খবৰ৷ শ্রদ্ধাৰ পাঠকসকল, আজি আমাৰ এই লেখাটোত বিভিন্ন আজব ঘটনাৰ লগতে বিভিন্ন আশ্চর্যময় তথ্যৰে ভৰপূৰ আমাৰ পৃথিৱীখনৰে কেইটিমান তথ্য আপোনালোকৰ সৈতে ভগাই ল’ব বিচাৰিছোঁ–
আমি জানো যে পৃথিৱীখনৰ বয়স ৪৫৪ কোটি বছৰ৷ পিছে এয়া বাৰু কেনেকৈ গম পোৱা গ’ল? হয়, এই বয়স উলিয়াবলৈ বিজ্ঞানীসকলে পৃথিৱীৰ বহুতো পুৰণা পুৰণা বস্তু নিৰীক্ষণ কৰিব লগা হৈছিল৷ পুৰণি বস্তুবোৰ নিৰীক্ষণ কৰি সেই বস্তুবোৰৰ বয়স উলিয়াই বস্তুবোৰৰ জৰিয়তে পৃথিৱীৰ বয়স অনুমান কৰাৰ এক ডপায় আছিল আৰু বিজ্ঞানীসকলে তাকেই কৰিছিল৷ বিজ্ঞানীসকলে পোৱা এটা পাথৰৰ বয়স আছিল ৪৫৪ কোটি বছৰ৷ ইয়াৰ পৰাই অনুমান কৰা হৈছে যে পৃথিৱীখনৰ বয়স ৪৫৪ কোটি বছৰ হৈছে৷
আমি সকলোৱে জানো যে পৃথিৱীখনে সৌৰজগতৰ নিজ কক্ষপথত গতি কৰি থাকে৷ পিছে আপুনি জানেনে পৃথিৱীখনে সৌৰজগতৰ নিজ কক্ষপথত কিমান বেগত গতি কৰি থাকে? হয়, ই গতি কৰি থকা সময় হ’ল ৩০ কিঃমিঃ/ছেকেণ্ড৷ আচৰিত কথাটো এইটো যে পৃথিৱীয়ে অকলে গতি কৰি নাথাকে, আমাকো ই ৩০ কিঃমিঃ/ছেকেণ্ডত গতি কৰায়৷ কিন্তু আমি ইয়াক অনুভৱ কৰিব নোৱাৰোঁ৷
পৃথিৱীয়ে সূর্যৰ চাৰিওফালে ঘূৰে৷ এই কথা প্রমাণ হোৱাৰ বহু আগলৈকে বহুতো বিজ্ঞানীয়ে পৃথিৱীৰ চাৰিওফালে সূর্যটো ঘূূৰে বুলি কৈছিল৷ কিন্তু পাছত নিকোলাছ কপাৰনিকাছে হেলি’চেন্ত্রিক তথ্যৰ দ্বাৰা পৃথিৱীয়েহে সূর্যৰ চাৰিওকাষে ঘূৰে বুলি প্রমাণ কৰিছিল৷
পৃথিৱীৰ উষ্ণতাৰ পৰিমাণ হ’ল ১৬০ চেলছিয়াছ৷ কিন্তু এনেকুৱা বহু ঠাই আছে, য’ত উষ্ণতা জোখতকৈ কম–বেছি হোৱা দেখা যায়৷ ১৯১৩ চনৰ ১০ জুলাইত ডেথ ভেলী, ইউনাইটেড ষ্টেটত ৫৬.৭০ চেলছিয়াছত উষ্ণতা বৃদ্ধি পায়৷ আৰু কম উষ্ণতাৰ কথা ক’বলৈ গ’লে ১৯৮৩ চনৰ ভষ্টক ষ্টেচন ৰাছিয়াত ৮৯.২০ চেলছিয়াছ হৈছিল৷
শ্রদ্ধাৰ পাঠকসকল, আপুনি বাৰু জানেনে পৃথিৱীখন এপাক ঘূৰিবলৈ ২৪ ঘণ্টাৰ ঠাইত ২৫ ঘণ্টা হোৱাৰ সম্ভাৱনা এটাই দেখা দিছে৷ জানি আচৰিত হ’ব যে এটা দিনত বর্তমানৰ ২৪ ঘণ্টাৰ বিপৰীতে ২৫ ঘণ্টা হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইয়াৰ কাৰণলৈ লক্ষ্য কৰিলে দেখা যাব দিনক দিনে পৃথিৱীৰ ঘূর্ণন ক্রিয়া হ্রাস পাই আহিছে৷ আপুনি জানি আচৰিত হ’ব যে যেতিয়া ৪৫৪ কোটি বছৰৰ আগত চন্দ্র নতুন হৈ আছিল, তেতিয়া পৃথিৱীৰ নিচেই কাষত থকা বাবে পৃথিৱীত ৬ ঘণ্টায়ে এদিন হৈছিল৷ আৰু এতিয়া ৪৫৪ কোটি বছৰৰ পাছত চন্দ্রটো দূৰলৈ আঁতৰি গৈ থকাৰ বাবে পৃথিৱীৰ ঘূর্ণন গতি কমি যোৱাৰ ফলত ২৪ ঘণ্টায়ে এদিন হৈছেহি৷ ভৱিষ্যতৰ কথা ক’বলৈ গ’লে ঘূর্ণন গতি কমি যোৱাৰ ফলত আৰু ১৬ বছৰমানৰ পাছত দিনটোত ২৪ ঘণ্টাৰ ঠাইত ২৫ ঘণ্টা হ’ব৷