আধুনিক কুম্ভকর্ণঃ বছৰৰ ৩০০ দিনেই শুই কটায়
কুম্ভকর্ণ বুলিলেই পৌৰাণিক মহাকাব্য ৰামায়ণৰ চৰিত্র এটিলৈ মনত পৰে৷ স্বর্ণ লংকাৰ ৰজা ৰাৱণৰ ভাতৃ কুম্ভকর্ণ৷ বছৰৰ ছমাহ শুই থাকে৷ টোপনিৰ পৰা জগাবলৈ বিকট বিকট শব্দ কৰিবলগীয়াত পৰে৷ আধুনিক সমাজত মাত্রাধিক টোপনি মৰা লোকক কুম্ভকর্ণ নাম দি জোকোৱা হয়৷ স্বাভাৱিকতে কুম্ভকর্ণৰ লেখীয়া ছমাহ শুই কটোৱা লোক থাকিব পাৰেনে মনত সন্দিহান প্রশ্ণৰ অৱতাৰণা হ’ব৷
অবিশ্বাস্য যেন লাগিলেও আমাৰ মুলুকত কুম্ভকর্ণৰ লেখীয়া লোক আছে৷ অৱশ্যে আধুনিক কুম্ভকর্ণই একেৰাহে ছমাহ টোপনি নামাৰে কিন্তু দিনৰ হিচাপত ৰাৱণৰ ভাতৃ কুম্ভকর্ণতকৈ বেছিদিন শুই কটায়৷ ৰাজস্থানৰ ৪২ বছৰীয়া লোক এজনে বছৰটোৰ ৩০০ দিনেই শুই কটায়৷ আচহুৱা যেন লাগিলেও ই নির্ঘাত সত্য৷ ৰাজস্থানৰ নাগ’ৰ জিলাৰ পুৰখৰম নামৰ গেলামাল দোকানী এজনে বছৰটোৰ ৩০০ দিন শুয়েই কটায়৷
সাধাৰণতে এজন লোকে ছঘণ্টাৰ পৰা ৯ ঘণ্টালৈ টোপনি মাৰে৷ কিন্তু পুৰখৰম নামৰ দোকানীজনে একেৰাহে মাহত ২০–২৫ দিনলৈ টোপনি মাৰে৷ আনকি যিকেইদিন দোকানত থাকে, সেইকেইদিনো মাজে সময়ে টোপনি মাৰি থাকে৷ ২৩ বছৰ পূর্বলৈকে স্বাভাৱিক টোপনি মৰা পুৰখৰমৰ দেহত দুৰূহ ৰোগে আক্রমণ কৰাৰ পাছৰে পৰাই অস্বাভাৱিক হাৰত টোপনি মৰা আৰম্ভ হয় আৰু এতিয়া কুম্ভকর্ণৰ শাৰীত৷
মন কৰিবলগীয়া যে পুৰখৰমৰ টোপনি ইমানেই গভীৰ যে পৰিয়ালৰ লোকে খোৱা–বোৱা আৰু গা–ধুৱাই দিলে সাৰ নাপায়৷ গাঁৱত সৰু গেলামাল দোকান চলাই থকা পুৰখৰমে মাহেকত পাঁচ দিনৰ বাবে দোকান খোলে যদিও গ্রাহক নথকা অৱস্থাত টোপনিয়াই থাকে৷ দিনে দিনে টোপনিৰ সময় বৃদ্ধি পাই থকা পুৰখৰম দুৰূহ টোপনি বিসংগতি তথা এক্সিছ হাইপাৰছোমানিয়াত আক্রান্ত৷ এই বেমাৰটো চিকিৎসা কৰিলেও আৰোগ্য হোৱাৰ সম্ভাৱনা ক্ষীণ৷
২০১৫ চনৰ পৰা পুৰখৰমৰ এই টোপনি বিসংগতি বৃদ্ধি পাই আছে৷ আজিৰ তাৰিখত বছৰটোত ৩০০ দিন শুই কটোৱা পুৰখৰমে হয়তো গোটেই বছৰটোৱেও শুই থাকিবলগীয়া হ’ব পাৰে৷