যৌনতাৰ বিষয়ে কথা পাতিবলৈ আপুনি লাজ কৰে নেকি…
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ যৌনতা হৈছে এক আৱৰণ। স্বাস্থ্যকৰ যৌন জীৱনে সামগ্ৰিকভাবে ব্যক্তি জীৱনৰ মান উন্নত কৰে, লগতে ইতিবাচক প্ৰভাৱ পেলাই । তথাপি বহুলোকে লাজতে যৌন জীৱনৰ বিষয়ে আলোচনা নকৰে । আমি মনত ৰখা উচিত যে – যৌনতা মানে কেৱল যৌন সম্পৰ্ক বা সম্ভোগৰ কথাই নহয় । ইয়াৰ পৰিবৰ্তে ই স্বাস্থ্যত কিদৰে ইতিবাচক প্ৰভাৱ পেলাই, পাৰস্পৰিক যৌন সম্পৰ্ক বিষয়ে আলোচনা, যৌন জীৱনৰ সমস্যা শুনা আৰু সমাধানৰ চেষ্টা কৰা এইবোৰ হৈছে যৌন ইতিবাচকতা । আমি মনত ৰাখিব লাগিব যৌনতা আৰু যৌন জীৱন নিষিদ্ধ নহয় । সেয়ে যৌনতা সম্পৰ্কে ইতিবাচক দিশবোৰ আলোচনা কৰিব লাগে ।