অদৰকাৰী বুলি পেলাই নিদিবঃ আদাৰ বাকলি গুণাগুন জানি আজিয়েই সাঁচি থব…
আৰ্য়ুবেদিকত আদাক উপকাৰী ঔষধ বুলি গণ্য কৰি আহিছে। আদাত বহুতো ঔষধীয় গুণ থাকে, যি স্বাস্থ্যৰ বাবে বহুত উপকাৰী। খাদ্যৰ উপৰিও আদা চাহৰ লগত খোৱা হয়। মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাকে ধৰি বহুত ক্ষেত্ৰত সহায় কৰে আদায়ে। কেৱল আদা নহয় আদাৰ বাকলি সেৱন কৰিলে বহুত উপকাৰ হয়। বহুলোকে আদাৰ বাকলি পেলাই দিয়ে কিন্তু আমি আপোনাক জনাব বিচাৰো যে আদাৰ বাকলি কিছুমান উপকাৰিতা
কাহৰ বাবে উপকাৰঃ যদি আপোনাৰ কাঁহ হৈছে তেতিয়া আদাৰ বাকলি ব্যৱহাৰ কৰক। আদাৰ বাকলি শুকাই পাউদাৰ প্ৰস্তুত কৰক। যেতিয়াই কাহ হয় তেতিয়াই মৌৰ লগত মিহলাই ইয়াক সেৱন কৰক।
পেটৰ সমস্য দূৰ কৰেঃ পেটৰ সমস্যা দূৰ কৰিবলৈ আদাৰ বাকলি বহুত সহায়ক হয়। আদাৰ বাকলি পানীত উতলাই পেটৰ সম্বন্ধীয় সমস্যাৰ পৰা আৰাম পাব। বিশেষকৈ আদাৰ বাকলিৰে চাহ খাব লাগে। লগতে অলপ মৌ মিলাই ল’ব তেতিয়া ভাল সোৱাদ পাব।
চৰ্দি জ্বৰৰ বাবে আদাৰ বাকলি গুড়ি খুবেই উপকাৰী। লগতে ডিঙিৰ সমস্য়া দূৰ কৰে।
সাৰ হিচাপেও উপকাৰীঃ আদাৰ বাকলি যদি ঘৰুৱা গছৰ গুড়িত দিয়ে তেতিয়া খুব সোনকালে গছ জোপা লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰে।
এনেদৰে আদাৰ বাকলি ব্যৱহাৰ কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে।