নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা চুম্বনে শৰীৰত হাজাৰ উপকাৰ সাধন কৰিব পাৰে…

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ চুম্বন হৈছে প্ৰেম আৰু মৰম প্ৰকাশ কৰাৰ আটাইতকৈ সহজ উপায়। প্ৰেমিক প্ৰেমিকাৰ সৈতে ঘনিষ্ঠ হোৱাৰ লগে লগে, চুম্বনৰ জৰিয়তে ভালপোৱাৰ অনুভৱ প্ৰকাশ কৰা হয়। বিশেষজ্ঞসকলৰ মতে, চুম্বন স্বাস্থ্যকৰ। চুম্বন হৈছে প্ৰিয়জনৰ প্ৰতি প্ৰেম আৰু যত্নৰ অভিব্যক্তি, সেয়েহে প্ৰিয়জনৰ এই চুম্বনে বহুক্ষেত্ৰত আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে।

চুম্বনে কৰিলে যথেষ্ট পৰিমাণে চাপ হ্ৰাস হয়। মানসিক আৰু শাৰীৰিক হ্ৰাস কৰিবলৈ চুম্বন অতি জৰুৰী।

বিশেষজ্ঞসকলে কয় যে চুম্বনে কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰিব পাৰে। চুম্বনে cortisol, aldosterone, progesterone, the estrogens, and testosterone হৰমন নিয়ন্ত্ৰণ কৰে।

চিকিৎসকৰ মতে, চুমায়ে এলাৰ্জিৰ লক্ষণবোৰ হ্ৰাস কৰিব পাৰে।

চুম্বনৰ ফলত ভাল অনুভৱ হয় কিয়নো ইয়াৰ ফলত ভাল অনুভৱৰ হৰমন মুকলি হয়। চুম্বনৰ দ্বাৰা নিউৰোট্ৰেন্সমিটাৰ হৰমন মুকলি হয়। ফলস্বৰূপে, মনোভাৱ সন্তুলিত কৰিবলৈ endogenous opioids, dopamine আৰু অন্যান্য সহায়ক নিউৰোহৰমন নিঃসৰণ হয়।

চুম্বনে আপোনাৰ সঙ্গীৰ সৈতে সামঞ্জস্য নিৰ্ধাৰণ কৰাত সহায় কৰে। আপুনি চুম্বনৰ জৰিয়তে আপোনাৰ সঙ্গীৰ সূক্ষ্ম ইংগিতবোৰ আলোকপাত কৰিব পাৰে।

অবিশ্বাস্য কিন্তু সঁচা, চুম্বনে শৰীৰত এড্ৰেনালিন হৰমন নিশ্চিহ্ন কৰে, যি শৰীৰৰ বিষ হ্ৰাস কৰাত সহায় কৰে।

চুম্বন ও এক প্ৰকাৰৰ ব্যায়াম। চুম্বনৰ সময়ত মুখৰ দুয়োফালে ত্ৰিশটা মাংশপেক্ষী ব্যৱহাৰ কৰা হয়। গতিকে চুম্বনৰ ফলত মুখমণ্ডলৰ ব্যায়াম হয়।

বিভিন্ন অধ্যয়নত দেখা গৈছে যে যে সামান্য চুম্বনে চাপ, উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ সক্ষম হয়।

যিহেতু চুম্বন হৈছে এক প্ৰকাৰৰ ব্যায়াম, লগতে কেলৰিও হ্ৰাস কৰাটো অতি স্বাভাৱিক। চুম্বনৰ সময়ত প্ৰতি মিনিটত প্ৰায় ২ ৰ পৰা ২৫ শতাংশ কেলৰি হ্ৰাস হয়।

You might also like