সুগন্ধৰ মায়াজাল… পাৰ্ফিউমৰ এই পাঁচটা গুণ জানিলে আচৰিত হ’ব আপুনি!
গোটেই দিনটোৰ কঠোৰ পৰিশ্ৰম, ভাগৰ, আশা, ভয়, প্ৰেম, বেয়া অনুভৱ – সকলোবোৰ অলপ সুগন্ধৰ দ্বাৰা পাহৰিব পাৰি। অৱশ্যে প্ৰত্যেকেই বিভিন্ন ধৰণৰ গোন্ধ ভাল পায়। কিছুমানে গোলাপৰ মিঠা গোন্ধ যদি ভাল পায়, থিক তেনেকৈ কোনোৱে ভাল পায় বতৰৰ প্ৰথমজাক বৰষুণৰ পিছত ওলোৱা মাটিৰ গোন্ধ। গোন্ধৰ প্ৰতি থকা প্ৰেমৰ এই তাৰতম্যৰ বিচাৰ কৰিয়ে সুগন্ধি (পাৰ্ফিউম) তৈয়াৰ কৰা হয়।
- বহুপ্ৰকাৰৰ সুগন্ধি আছে। কিন্তু পাৰ্ফিউমৰ মূল্য আটাইতকৈ বেছি। কিয়নো সুগন্ধিয়ে ঘামৰ গোন্ধ আঁতৰ কৰাত সহায় কৰে। এইটো প্ৰায় সকলোৱে জানে। আৰু এইকাৰণে বহুলোকে সুগন্ধি ব্যৱহাৰ কৰে।
- গোন্ধৰ সৈতে মগজুৰ সংস্পৰ্শ পোনপটীয়া। আপুনি নিশ্চয় “ঘ্রাণে অর্ধ ভোজন” শব্দটো শুনিছে। ভাল গোন্ধৱে মনটোক নিমিষতে ভাল অনুভৱ কৰায়। মনৰ সকলো আশংকা আতৰ কৰে। গতিকে মহামাৰীৰ সময়ত ই যথেষ্ট কাৰ্যকৰী।
- অৱশ্যে, পাৰফিউম হৈছে আকৰ্ষণৰ অন্যতম মাধ্যম। গোন্ধৰ জৰিয়তেহে প্ৰথমতে শৰীৰক উদ্দীপিত কৰা সম্ভৱ। গতিকে শাৰীৰিক সহবাসৰ ক্ষেত্ৰতো সুগন্ধি অতি গুৰুত্বপূৰ্ণ।
- সুগন্ধিয়ে ঘৰৰ পৰিৱেশ মনোৰম কৰি তোলে। যদি আপুনি ঘৰত অলপ সুগন্ধি প্ৰয়োগ কৰে তাৰ সুবাসটো গোটেই কোঠাবোৰলৈ বিয়পি পৰিব। পৰিয়ালৰ সদস্যসকলৰ নিশ্চিতভাৱে মন ভালে থাকিব।
- ভাল গোন্ধৱে মনোসংযোগ বৃদ্ধি কৰাত সহায় কৰে। ভাল সুগন্ধিৰ গোন্ধে আপোনাৰ মনক শান্ত কৰে।