নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু অধিক ঠাণ্ডা হ’ব ঘৰ; ঘৰত যদি আছে এচি তেন্তে মনত ৰাখক এই টিপছ…

মাৰ্চ মাহৰ পৰাই গৰম দহিছে সকলোকে। গৰমৰ পৰা ৰক্ষা পাবলৈ এতিয়া সকলোৱে ফেন বা এচিৰ সহায় লোৱা আৰম্ভ কৰিছে। বহুতেই হয়টো নতুন এচি কিনিবলৈও পৰিকল্পনা কৰি আছে। এচি কিনাৰ পূৰ্বে জানি লওক এইকেইটা টিপছ….

যিমান অধিক টনৰ এচি, সিমানেই ভাল?

এচি ক্ৰয় কৰোঁতে আপুনি দেখা প্ৰথম বস্তুটো হ’ল ই কিমান টনৰ। আপোনাৰ কোঠাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি টন বৃদ্ধি বা হ্ৰাস হ’ব। গতিকে এচি ক্ৰয় কৰোঁতে, ঘৰটোৰ আকাৰৰ হিচাপে ইয়াৰ বিশেষত্ববোৰ চাওঁক।

এচিৰ ছেটিংছ কি ৰাখিব?

আমাৰ দেশৰ বেছিভাগ ঠাই গ্ৰীষ্মকালত উষ্ণ-আৰ্দ্ৰ। সেইটো মনত ৰাখি, এচি ছেটিংছ ঠিক কৰক। সকলো এচিতেই এটা ড্ৰাই (শুকান) বুলি বিকল্প আছে। ইয়াক বাছনি কৰক। ইয়াৰ সৈতে থাকে কুল (শীতল) বিকল্প। ই তাপৰ অনুভৱটো সোনকালে হ্ৰাস কৰিব। আৰ্দ্ৰতাজনিত এলাৰ্জিৰ সমস্যাও কম হ’ব।

চাৰ্ভিচিং কেতিয়া কৰিব?

শীতকালত এচি সাধাৰণতে দীৰ্ঘ সময়ৰ বাবে চলোৱা নহয়। এই সময়ত, এচিৰ ভিতৰত ধুলি আৰু কীট-পতংগ জমা হয়। সেয়েহে গৰমৰ দিন অহাৰ পূৰ্বেই এচিটোৰ চাৰ্ভিচিং সম্পন্ন কৰক। লগতে, প্ৰতি ২-৩ সপ্তাহত নিজে এচিৰ ফিল্টাৰৰ জাল মচি থাকিব।

এচিৰ কোঠা কেনেকুৱা হ’ব?

সাধাৰণতে সকলোৱে বেডৰুমত এচি ৰাখে। যদি আপুনি সেই কোঠাত সৰু পৰিৱৰ্তন কৰে, কোঠাটো আৰু অধিক ঠাণ্ডা হ’ব। মনত ৰাখিব যে কোঠাটোৰ দুৱাৰ আৰু খিৰিকীসমূহৰ তলত বেছি ফাঁক বা ব্যৱধান নাথাকে। তেনেহ’লে তাৰ পৰা ঠাণ্ডা ওলাই আহিব পাৰে। লগতে খিৰিকীত ডাঠ কাপোৰৰ পৰ্দা ৰাখিলেও, ই যথেষ্ট লাভজনক হ’ব।

You might also like