নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱাই খাওঁক জিৰা জল, চাওঁক উপকাৰিতা

মছলাই মাত্র খাদ্যৰ স্বাদে বৃদ্ধি নকৰে, ইয়াৰ অসংখ্য স্বাস্থ্য উপকাৰিতাও আছে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজমৰ সমস্যা দূৰ কৰা পর্যন্ত, পাকঘৰৰ বহু মছলাজাতীয় সামগ্রীয়ে স্বাস্থ্য বজায় ৰখাত সহায় কৰে। জিৰা তেনেকুৱাই এটি উপকৰণ। পুষ্টিবিদৰ মতে, জিৰা মিহলি জল পান কৰাৰ একাধিক উপকাৰিতা আছে। সদায় পুৱা জিৰাৰ জল পান কৰিলে কি হয় চাওঁ আঁহক-

১। কেল’ৰী কম
২। হজমত সহায় কৰে
৩। শৰীৰৰ বিপাক হাৰ বঢ়ায়
৪। শৰীৰক বিভিন্ন বিষাক্ত উপাদানৰ পৰা ৰক্ষা কৰে
৫। প্রদাহ নির্মূল কৰে
৬। ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়
কেনেকৈ তৈয়াৰ কৰিব জিৰাৰ পানী?
উপকৰণ: অলপ জিৰা, পানী
প্রণালী: এটা কাপত পানী দি জিৰাখিনি তিঁয়াই ৰাখিব। কিছু সময় পাছত জিৰাখিনি চেকি ল’ব। ভিজা জিৰাত গৰম পানী ঢালি দিয়ক। ইমান দেৰি তিতি থকাৰ পাচত জিৰাখিনি ফুলি ওঠিব তথা বায়োঅক্টিভ উপাদান নির্গত কৰিব, যিখিনি পানীত মিহলি হৈ যায়। এইবাৰ পানী কিছু ঠাণ্ডা হৈ আহিলে সেই পানী খাব পাৰে।

You might also like