DARK CIRCLE বা ক’লা দাগ, আঁতৰ কৰক ঘৰুৱা উপায়েৰে
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বৰ্তমান সময়ত মানুহৰ দৈনন্দিন জীৱনশৈলী সলনি হৈছে। বহু লোকে ৰাতি দেৰিলৈকে ম’বাইলত ব্যস্ত থাকে। পিছদিনা সোনকালে উঠি নিজৰ কৰ্মত ব্যস্ত হ’ব লগা হয়। সেইবাবে বহুতৰে চকুৰ তলত কলা দাগ (Under Eye Dark Circles) হৈ পৰে।
বহু লোকে চকুত কলা দাগ পৰাৰ দেখি হতাশাত ভোগে। বহুতেই আকৌ তাৰ পৰা পৰিত্ৰাণ পাবলৈ বিউটি পাৰ্লাৰত গৈ টকা-পইচা খৰচ কৰে। কিন্তু ফলাফল শূন্যহে হয়। কিন্তু ঘৰুৱা উপায়েৰে ইয়াক সমাধান কৰিব পাৰি।
চকুৰ তলৰ ফেচ মাস্ক ঘৰুৱাভাৱে গাখীৰৰ পৰা বনোৱা হয়। গাখীৰ এক প্ৰাকৃতিক উপাদান যি ছালৰ পৰা দাগ আঁতৰ কৰোৱাত সহায় কৰাৰ লগতে উজ্জ্বলো কৰে। গাখীৰত হালধি,বেকিং চডা, গোলাপ জল মিহলাই চকুত তলৰ অংশৰ বাবে ফেচপেক বনাব পাৰে।
কেনেদৰে নিৰ্মাণ কৰিব চকুৰ তলৰ ফেচ মাস্ক
এটা পাত্ৰত ৪ চামুচ কেঁচা গাখীৰ আৰু ২ চামুচ বেকিং চডা ল’ব লাগে। তাৰ পিছত দুয়োবিধক ভালদৰে মিশ্ৰণ কৰি পেষ্ট বনাওক। পেষ্ট ইমান ডাঠ কৰিব লাগে, যাতে চকুৰ তলত ভালদৰে লগাব পাৰে।
এই পেষ্ট লগাবলৈ প্ৰথমে গাখীৰেৰে ভালদৰে চকুৰ তলৰ অংশ পৰিষ্কাৰ কৰক। তাৰ পিছতেই চকুৰ তলৰ অংশত ভালদৰে লগাওক। মনত ৰাখিব যে এই পেষ্ট চকুৰ ভিতৰলৈ যাব নালাগে। তাৰ পিছতেই চকু মুদি ২০ মিনিটৰ বাবে আৰাম কৰক। তাৰ পিছত পানীৰে ধুই দিব লাগে।
সপ্তাহত অন্তত এনেদৰে দুবাৰ ব্য়ৱহাৰ কৰক। লাহে লাহে পৰিৱৰ্তন দেখা পাব।