নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ পাছত বৃদ্ধি পাইছে পেটৰ সমস্যা, ফুলি থাকে পেট…

 গেছ, এচিডিটি  আৰু পেট ফুলি থকাৰ সমস্যা প্রকট হৈছে ক’ৰোনাৰ দ্বিতীয় ঢৌত। ক্রমশ নীৰৱে মানুহৰ শৰীৰত বাঢ়িব ধৰিছে এই ৰোগটো। কমপৰিমানে ধৰা পৰিলেও, বমি, বুকু ধৰফৰ, মূৰ ঘূৰোৱাৰ ফলত তাৰ পৰা আতংকিত হৈ পৰিছে মানুহ। গতিকে আগতীয়াকৈ সাৱধান হওক। বিশেষজ্ঞসকলে পেটৰ দুটাকৈ সমস্যাক দোষাৰোপ কৰিছে।  

 এক স্বাস্থ্যকৰ আহাৰ, নিয়মীয়া ব্যায়াম, ভাল টোপনিই স্বাস্থ্যকৰ হজমক থিক ৰাখে। বিগত লকডাউনতকৈ এইবাৰ ৰেষ্টোৰাসমূহে হোম ডেলিভাৰি অর্ডাৰ যোগান ধৰাৰ ফলত বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

   ইয়াৰ বাহিৰেও শাৰীৰিক ক্ৰিয়াকলাপ আৰু ব্যায়াম নকৰাৰ বাবে মানুহৰ অসুস্থতা, প্ৰিয়জনৰ ক্ষতি আৰু বিত্তীয় লোকচানৰ সৈতে মোকাবিলা কৰাৰ প্ৰচেষ্টাই মানসিক চাপ বৃদ্ধি কৰিছে।

গতিকে ইয়াৰ পৰা বাচি থাকিবলৈ মচলাযুক্ত আহাৰ পৰিহাৰ কৰিব লাগিব। চেনীৰ পৰা আঁতৰি থাকিব। বাহিৰৰ পৰা খাদ্য সঘনাই অৰ্ডাৰ নকৰাই ভাল। সময়মতে আহাৰ গ্ৰহণ কৰিব আৰু ৰাতি পাৰিলে পাতল আহাৰ খাব। পৰ্যাপ্ত পানী খাওক আৰু নিজকে হাইড্ৰেটেড ৰাখক। হজমৰ বাবে নিয়মীয়া ব্যায়ামো অতি গুৰুত্বপূৰ্ণ। যদি আপুনি বাহিৰলৈ যাব নোৱাৰে, ঘৰত অনুশীলন কৰক।

You might also like