নহৰু খোৱা কেইটামান পদ্ধতি জানি লওক, ফলাফল দেখি আচৰিত হ’ব আপুনি…
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ নহৰু সকলোৰে ঘৰত পোৱা যায়। নহৰু এনেএবিধ বস্তু যি বহু গুণ সম্পন্ন। বিভিন্ন ৰোগ বা ভিন্ন সময়ত নহৰু খোৱা যায়। বিশেষকৈ খাদ্যৰ তালিকাত প্ৰায়েই নহৰু থাকে। কিন্তু নহৰু খোৱা কিছুমান বিশেষ পদ্ধতি থাকে।
কেৱল মাংস বা মাছৰ লগত নহৰু নহয় গাখীৰৰ লগতো নহৰু খাব পাৰি। কাৰণ গাখীৰ সকলো বয়সৰ লোকৰ বাবে উপকাৰী৷ গাখীৰে শৰীৰত শক্তি বঢ়োৱাৰ লগতে সমপৰিমাণে পুষ্টিৰ যোগান ধৰে৷
আনহাতে নহৰুত এণ্টিবেক্টেৰিয়েল উপাদান থাকে৷ কেঁচা নহৰুৱে উচ্ছ ৰক্তচাপ কমোৱাত সাংঘাতিকভাৱে সহায় কৰে৷ সেয়ে গাখীৰৰ সৈতে নহৰু মিহলাই খালে বিভিন্ন উপকাৰ পোৱা যায়৷
জানো আহক নহৰু আৰু গাখীৰৰ মিশ্ৰণৰ উপকাৰিতাসমূহঃ
- গাখীৰ আৰু নহৰুৰ মিশ্ৰণ গ্ৰহণ কৰিলে দেহৰ পৰা বিষাক্ত পদাৰ্থ ওলাই যায়৷ তদুপৰি শ্বাসতন্ত্ৰ ভালে থাকে৷ নিশা শোৱাৰ পূৰ্বে গাখীৰৰ সৈতে নহৰু মিহলাই খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী৷
- হাপানী, কাঁহ আৰু নিউমনিয়াৰ সমস্যা থাকিলে গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷
- কলেষ্টেৰ’ল কমাবলৈ গাখীৰ আৰু নহৰুৰ মিশ্ৰণ খাব পাৰে৷
- নহৰু আৰু গাখীৰৰ মিশ্ৰণে জণ্ডিছ ৰোগৰ ক্ষেত্ৰত উপকাৰ কৰে৷
- বাত বিষ বা গাঁঠিৰ বিষৰ পৰা সকাহ পাবলৈ গাখীৰৰ সৈতে নহৰু মিহলাই খাব পাৰে৷
- অনিদ্ৰাৰ সমস্যাৰ ক্ষেত্ৰতো গাখীৰ আৰু নহৰুৰ মিশ্ৰণে সহায় কৰে৷ নিশা বিছনালৈ যোৱাৰ পূৰ্বে এগিলাচ গাখীৰৰ সৈতে নহৰু মিহলাই খাওক৷
নহৰুৰ অন্যকেইটামান আশ্চৰ্যজনক লাভালাভঃ
হৃদযন্ত্ৰক মজবুত কৰেঃ – ভজা নহৰুৱে হৃদযন্ত্ৰ শক্তিশালী কৰিবলৈ সহায় কৰে। ভজা নহৰুত ওমেগা ৩ ফেটি এচিড থাকে, যি আমাৰ হৃদযন্ত্ৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। যি হৃদযন্ত্ৰক শক্তিশালী কৰে।
কাহ আৰু চৰ্দিৰ পৰা সকাহঃ নহৰু ব্যৱহাৰে চৰ্দি, কাহৰ পৰা ৰক্ষা পাৰ পাৰি। নহৰুৰ এণ্টিবায়টিক, এণ্টিভাইৰেল আৰু এণ্টিফাংগাল গুণ আছে যি আমাৰ শৰীৰক ফ্লু সৃষ্টিকৰা ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
নহৰু খালে সদায় ফিট হৈ থাকিবঃ যদি আপুনি সদায় ফিট হৈ থাকিব বিচাৰে, তেতিয়া ৰাতিপুৱা খালী পেটত ৪ টা নহৰু খাবলৈ আৰম্ভ কৰক। আপুনি কেইদিনমানৰ ভিতৰত পাৰ্থক্য দেখা পাব। ই আপোনাক দিনজুৰি সক্ৰিয় অনুভৱ কৰাৰ লগতে আপোনাৰ সুস্থতাও দিনে দিনে বৃদ্ধি পাব ।
নহৰুৱে হজম বৃদ্ধি কৰেঃ নহৰুৱে হজম বৃদ্ধি কৰিবলৈ এক উপশম হিচাপে কাম কৰে। ইয়াত ফাইবাৰৰ পৰিমাণ বেছি থাকে কাৰণে পাচন শক্তি বৃদ্ধি কৰাত সহায় কৰে। সেয়েহে নহৰু ব্যৱহাৰ কৰি আপুনি আপোনাৰ পাচন শক্তি শক্তিশালী কৰিব পাৰে।
মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাওকঃ ভজা নহৰু পিছি দাঁতত ৰাখিব লাগে। কাৰণ নহৰুত এণ্টি বেক্টেৰিয়েল উপাদান থাকে যি মুখৰ দুৰ্গন্ধও আঁতৰ কৰে।