নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানৰ ভিতৰত বাৰে বাৰে নিজৰ অন্তৰ্বাস খুলিছিল এগৰাকী মহিলা যাত্ৰীয়ে; তাৰপাছত…

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ কি ঘটনা! বিমানত থকা এগৰাকী মহিলা যাত্ৰীয়ে বাৰে বাৰে অন্তর্বাস খুলি আঁতৰ কৰাৰ চেষ্টা কৰিছিল। যেতিয়া তেওঁক বাধা দিয়া হৈছিল, তেওঁ প্ৰথমে শুনিছিল যদিও বাৰেবাৰে একেটা কামকে পুনৰ কৰিছিল। স্বাভাৱিকভাৱেই এই ঘটনাত আন সকলো যাত্ৰী অস্বস্তিত পৰিছিল। যাৰপাছত কোনো উপায় দেখা নাপাই বিমানৰ ক্ৰু সদস্যসকলে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হৈছিল।

জানিব পৰা মতে এই অদ্ভুত ঘটনাটো ৰাছিয়ান বিমানত সংঘটিত হৈছিল। ভ্লাদিভষ্টকৰ পৰা উৰা মৰাৰ কিছু সময় পিছতে ৩৯ বছৰীয়া মহিলাগৰাকীয়ে কেবিনৰ কাষলৈ যাবলৈ আৰম্ভ কৰিছিল। তাৰ পাছৰ পৰায়ে দেখা গৈছিল যে তেওঁ বাৰে বাৰে কাপোৰ আৰু আন্তৰ্বাস আঁতৰ কৰিছিল। কাৰো কথা নুশুনাৰ বাবে অৱশেষত মহিলাগৰাকীক ৰচী আৰু টেপৰে এখন চকীত বান্ধি দিয়া হয়।

কিন্তু মহিলাগৰাকীয়ে কিয় এনে প্ৰকৃতিৰ আচৰণ কৰিছিল? বিদেশী সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মহিলাগৰাকীয়ে মাদক দ্ৰৱ্য সেৱন কৰি আছিল। তাৰ বাবেই এনে অভব্য আচৰণ কৰিছিল বুলি জানিব পৰা গৈছিল। ইপিনে পাছত যেতিয়া বিমানখন বিমানবন্দৰত উপস্থিত হৈছিল, মহিলাগৰাকীক ঘটনাটোৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলিও ৰাছিয়ান সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল।

You might also like