নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ সময়ত ৰোগ প্রতিৰোধ শক্তি কমোৱা ক্ষতিকাৰক খাদ্য

ক’ভিডৰ এই সময়ত আমাৰ বহুতে দেহৰ ৰেগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ চেষ্টা কৰিছে। খাদ্যৰে হওঁক বা ব্যায়াম-শৰীৰ চৰ্চাৰে হওঁক, চৌদিশে নজৰ দিয়া হৈছে। কোনোবাই নিয়মিত কেঁচা হালধী খাইছে, কোনোৱে আকৌ সদায় ৰাতি শোৱাৰ আগেয়ে হালধী আৰু গাখীৰ মিহলাই খাইছে। কিন্তু সদায় এই নিয়ম পালন কৰিলেও কমিব পাৰে ৰোগ প্রতিৰোধ ক্ষমতা। ইয়াৰ মূল কাৰণ হ’ল কিছু ভুল খাদ্য খোৱাৰ সিদ্ধান্ত। অজানিতেই হয়তো এনে কিছু খাদ্য খাই পেলাইছোঁ, যাৰ ওলোটা প্রভাৱ পৰিছে শৰীৰত।
কোন তিনিবিধ খাদ্য খালে সোনকালে কমিব পাৰে ৰোগ প্রতিৰোধ শক্তি-


১) ছোডা: শীতকালত বহুতেই অৱশ্যে শীতল ছোডা নাখায়। কিন্তু অনেকেই খোৱাৰ পাছত হজম হবলৈ অলপকৈ ছোডা খোৱাৰ অভ্যাস ৰাখে। এনে ক্ষেত্রত সচেতন হোৱা উচিত। কাৰণ যিকোনো ছোডাত চেনিৰ পৰিমাণ ইমানেই বেছি থাকে যে শৰীৰত নেতিবাচক প্রভাৱ পেলাব পাৰে।

২) ভজা পোৰা: যিকোনো ভজা খাদ্যত ইমানেই স্নেহ পদার্থ থাকে যে শৰীৰত খুবেই ক্ষতিকৰ প্রভাৱ পেলাব পাৰে।

৩) কেক-পেষ্ট্ৰী: ইয়াত প্রচুৰ পৰিমাণে স্নেহ পদার্থ থাকে, সিমানেই থাকে চেনি। থাকে বহু বেছি পৰিমাণৰ ময়দায়ো। ফলত প্রতিৰোধ ক্ষমতা বঢ়াবলৈ যিমান ব্যায়াম কৰা নহওঁক কিয়, এই তিনি ধৰণৰ খাদ্য বাদ নিদিলে শৰীৰৰ ক্ষতিহে হয়।

You might also like