প্ৰেমৰ জয়ঃ বিহাৰৰ যুৱকৰে বিয়াত বহিল ফ্ৰান্সৰ প্ৰেমিকা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ প্ৰেমে নামানে বাধা। প্ৰেমে কোনো সীমাৰ সীমাবদ্ধতা যে নামানে সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে এগৰাকী ভাৰতীয় প্ৰেমিকে। বিহাৰৰ মুংগেৰত এনে এখন বিবাহ যথেষ্ট আলোচনাৰ বিষয় হৈ পৰিছে, কিয়নো এই বিয়াখনৰ কইনাগৰাকী হৈছে ফ্ৰান্সৰ।
দৰাচলতে দুয়োৱে ভেলেণ্টাইন দে’ৰ দিনা বিবাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল যদিও ফ্ৰান্সৰ পৰা অহাৰ পিছত যুৱতীগৰাকীয়ে ৰাঁচীত ৭ দিনৰ কোৱাৰিণ্টীনত থাকিবলগীয়া হৈছিল। যাৰ বাবে তেওঁলোকৰ ইচ্ছা পূৰণ কৰিব পৰা নগ’ল। অৱশ্যে শুকুৰবাৰে যেতিয়া দুয়োগৰাকী প্ৰেমিক-প্ৰেমিকাই পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হৈছিল, দৰা আৰু কইনাক চাবলৈ আদালতত এক বৃহৎ জনসমাগম হৈছিল।
ইষ্ট কলনি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত মুংৰাউৰা মছজিদ গলিৰ বাসিন্দা ৰণবীৰ নামৰ এইজন যুৱক চেন্নাইৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙ অধ্যয়ন সম্পূৰ্ণ কৰি ফ্ৰান্সলৈ যায়। য’ত ২০১৫ চনত পঢ়ি থাকোতেই তেওঁ শ্বাৰ্লিনৰ প্ৰেমত পৰিছিল। এই সময়ছোৱাত দুয়োজনে তেওঁলোকৰ গোটেই জীৱন একেলগে কটোৱাৰ সিদ্ধান্ত লৈছিল।