হিন্দুধৰ্মী সত্ত্বেও নিষিদ্ধ হোলী, ভাৰতৰ এনে কেইখনমান ঠাই
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ হোলী ভাৰতৰ অন্যতম উৎসৱ। কম-বেছি পৰিমাণে দেশখনৰ সকলো ৰাজ্যতে এই এই উৎসৱ পালন কৰা হয়। আবিৰেৰে ৰঙীন হৈ পৰে দেশৰ সকলো লোক। কিন্তু এই ভাৰততে এনে কেইখনমান ঠাই আছে, য’ত আজি বহু বছৰ ধৰি হোলী উৎসৱ পালন কৰা নহয়। হোলীৰ পৰা বাহিৰত থকা এই গাঁওকেইখনৰ বিষয়ে এবাৰ জানি লওঁ আহক।
ৰুদ্ৰপ্ৰয়াগঃ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কুৰঝা আৰু কিৱিলি নামৰ দুখন গাঁওত হোলী উৎসৱ পালন কৰা নহয়। ইয়াৰ স্থানীয় লোকে বিশ্বাস কৰে যে তেওঁলোকৰ মূল দেৱী ত্ৰিপুৰ সুন্দৰীয়ে চিঞৰ-বাখৰ পছন্দ নকৰে। সেয়ে তেওঁলোকে হোলীৰ পৰা আঁতৰত থাকে।
দুৰ্গাপুৰঃ ঝাৰখণ্ডৰ দুৰ্গাপুৰ গাঁওৰ লোকসকলে হোলী পালন নকৰে। ইয়াৰ কাৰণো অদ্ভুত। তেওঁলোকে বিশ্বাস কৰে যে হোলীৰ নামত যদি এচিকুট ফাকুৱাও চুৱা হয়, তেন্তে উক্ত লোকগৰাকীৰ মৃত্যু হোৱাটো নিশ্চিত।
তামিলনাডুঃ তামিলসকলে হোলী উৎসৱ পালন নকৰে। কিয়নো হোলী পূৰ্ণিমাৰ দিনা হয় আৰু পূৰ্ণিমাৰ দিনটোত তেওঁলোকে মাছি মাগম নামৰ ধৰ্মীয় উৎসৱ পালন কৰে। অৱশ্য়ে তামিলসকলে ইয়াকে তেওঁলোকৰ হোলি ৰূপে আখ্যা দিব বিচাৰে।
ৰামচন গাঁওঃ গুজৰাটৰ বনচকন্থ জিলাৰ ৰামচন গাঁৱত পালন কৰা নহয় হোলী। এক বিশ্বাস অনুসৰি এই গাঁওত পূৰ্বতে শাসন কৰা এগৰাকী দুৰাচাৰী ৰজাৰ বাবে গাঁওখন কোনো মুনিৰ অভিশাপত ডুবি আছে। এই অভিশাপ মতে, গাঁওখন উৎসৱৰ সময়ত ৰঙীন হ’ব নোৱাৰে। তেতিয়াৰ পৰা হোলীৰ পৰা আঁতৰত থাকে গাঁওখন।