Fish fry: কেৰাহীত মাছ ভাজিলে লাগি যায় নেকি? এইসমূহ নিয়ম অনুসৰণ কৰিলে পুনৰ নহয়
মাছ ৰন্ধাৰ সময়ত আমি সাধাৰণতে মাছবোৰ প্ৰথমে তিয়াই ধুই লওঁ ভজা হয়। কিন্তু মাছবোৰ ভজাৰ সময়তে প্ৰায়ে দেখা যায় যে কেৰাহীৰ তলত লাগি টুকুৰাবোৰ ভাগি গৈছে। গতিকে মাছ ভাজি থাকোতে আপুনি কিদৰে যত্ন লব সেইবিষয়ে জানো আহক…
১) মাছ ভাজিবলৈ লোৱাৰ পূৰ্বে মাছ টুকুৰাবোৰ ভালদৰে পানীৰে ধুই লওক। যদি পাৰে মাছবোৰ টিস্যু পেপাৰেৰে মচি লব। কিয়নো যদি মাছত পানী ৰৈ যায়, তেতিয়া কেৰাহীত গৰম তেলত দিওতে মাছ ভাঙিবলৈ আৰম্ভ কৰে।
২) মাছবোৰ তেলত দিয়াৰ লগে লগে লৰাবলৈ আৰম্ভ নকৰিব। কমেও পাঁচ মিনিটৰ বাবে মাছবোৰ ভাজ খাবলৈ এৰি দিয়ক। কিয়নো যদি মাছবোৰ টান হোৱাৰ পূৰ্বেই লৰাই দিয়া হয়, তেতিয়া ই কেৰাহীত লাগি ধৰে।
৩) মাছ ভাজি থাকোঁতে, নিশ্চিত কৰিব যাতে তেল সঠিকভাৱে গৰম হয়। বহুলোকে তেল সঠিকভাৱে গৰম কৰাৰ আগতেই মাছ তেলত দি দিয়ে, ফলত মাছৰ টুকুৰাবোৰ ভাগি যোৱাৰ সম্ভাৱনা থাকে।
৪) মাছ কেতিয়াও কম তেলত ভাজিব নালাগে। মাছ ভাজিবলৈ পৰ্যাপ্ত তেল ব্যৱহাৰ কৰিব, যাতে মাছবোৰ কেৰাহীত লাগি নাযায়।