কামৰ বোজাৰ মাজতে মাহেকীয়া ঋতুস্রাৱৰ যন্ত্রণা
মাহেকীয়া ঋতুস্রাৱৰ সময়কণ সকলো মহিলা-যুৱতীৰ বাবেই যন্ত্রণাদায়ক। ঋতুস্রাৱ আৰম্ভৰ পূর্বাভাস হিচাপে পেট বা কঁকালৰ বিষ, ক্লান্তি, দুৰ্বলতাৰ দৰে উপসর্গবোৰে দেখা দিয়ে। ঋতুস্রাৱ চলি থকা সময়ত এই সমস্যাবোৰ আৰু বাঢ়ে।
বর্তমান সময়ৰ অলেখ মহিলাই ঘৰ আৰু বাহিৰ, দুফালেই সমানে কাম কৰে। ঋতুস্রাৱৰ এই দিনবোৰত তেওঁলোকৰ বেছি সমস্যা হয়। এনে সময়ত পেটৰ বিষ, কঁকালৰ বিষ উপশমৰ বাবে গৰম পানীৰ বেগ বৰ আৰামদায়ক। বহুতে সেয়া ব্যৱহাৰো কৰে। কিন্তু ঘৰত থাকিলে ইয়াৰ ব্যৱহাৰ কৰা যিমান সহজ, বাহিৰলৈ গ’লে সিমান সহজ নহয়।
যিসকল মহিলাই নিয়মিত কামলৈ যাবলগীয়া হয়, তেওঁলোকে মাহেকীয়াৰ বিষ এৰাবলৈ লগত ৰাখিব পাৰে কিছু যন্ত্রণানাশক দৰৱ, যিবোৰ দৰৱৰ বেছি পাৰ্শ্বক্ৰিয়া নাথাকে। ব্যৱহাৰৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ অৱশ্যেই নাপাহৰিব। ইয়াৰ উপৰি অফিচলৈ গৈ বহু দেৰি বহি থকাৰ পাছত হঠাৎ যন্ত্রণা আৰম্ভ হ’লে খুব শান্ত হৈ বহি দীঘলীয়াকৈ শ্বাস লৈ একেই পদ্ধতিৰে শ্বাস এৰিব লাগে। এই গভীৰ শ্বাস-প্রশ্বাসৰ ব্যায়ামটো কিছু সময় কৰি থাকিব লাগে। বিষ কিছু হ’লেও কমিব।
পেট বা কঁকালৰ বিষ হৈ থকা সময়ত প্রচুৰ পৰিমাণে পানী খাবলৈ কয় চিকিৎসকে। উষ্ণ গৰম পানী খুব ভাল। এই সময়ত সুৰা, কফি জাতীয় পানীয়, অত্যধিক মছলাযুক্ত খাদ্য এৰাই চলা ভাল। মাহেকীয়াৰ সময়ৰ পেটৰ বিষ কমাবলৈ শৰীৰচর্চাৰো পৰামর্শ দিয়ে চিকিৎসকে।