পিছুৱাব নোৱাৰি বিবাহৰ দিনঃ ক’ভিড চেণ্টাৰতে পিপিই কিট পিন্ধি কৰালে বিবাহ, চাওক ভিডিঅ’ …
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বিবাহৰ দিন-বাৰ ঠিক হৈ আছিল। ঘৰখনো সাজু হৈছিল এক শুভমুহূৰ্তৰ বাবে। কিন্তু বিবাহৰ দিনাই কইনাৰ ক’ভিড ৰিজাল্ট আহিল পজিটিভ। বিবাহৰ দিন-বাৰো পিছুওৱাৰ কোনো উপায় নাছিল। এনে অৱস্থাত দৰা ঘৰ আৰু কইনা ঘৰে মিলি জিলা প্ৰশাসনৰ সৈতে কথা পাতি ক’ভিড কেয়াৰ চেণ্টাৰতে অনুষ্ঠিত কৰিলে বিবাহ।
#WATCH Rajasthan: A couple gets married at Kelwara Covid Centre in Bara, Shahbad wearing PPE kits as bride’s #COVID19 report came positive on the wedding day.
The marriage ceremony was conducted following the govt’s Covid protocols. pic.twitter.com/6cSPrJzWjR
— ANI (@ANI) December 6, 2020
এই ঘটনা ৰাজস্থানৰ বাৰান জিলাৰ নাহৰগড় নামৰ ঠাইৰ। কালি নিশা কেলৱাৰা ক’ভিড কেয়াৰত অনুষ্ঠিত হোৱা বিবাহখনৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিযেল মিডিয়াত। বাতৰি সংস্থা এ এন আইৰ মতে প্ৰথমাৱস্থাত জিলা প্ৰশাসনে কইনাৰ ক’ভিড নিগেটিভ হ’লে বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছিল।
কিন্তু পাৰম্পৰিক আৰু মাংগলিক দিশৰ পৰা দিন পিছুওৱাটো কোনোপধ্যে সম্ভৱ নহয় বুলি পৰিয়ালে কোৱাত কইনাৰ বাপেক, পুৰোহিত আৰু আন ৩গৰাকী অতিথিৰ উপস্থিতিত বিবাহ সম্পন্ন কৰা হয়। বিবাহ অনুষ্ঠান আটায়ে পিপিই কিট পৰিধান কৰে।