নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগমে সুখৰ কৰেনে দাম্পত্য জীৱন

সুখী দাম্পত্যৰ অন্যতম চাবিকাঠি হ’ল সুখী যৌন-জীৱন। কিন্তু জানেনে দাম্পত্য জীৱন মধুময় কৰিবলৈ গড়ে কিমান বাৰ মিলিত হ’ব লাগে?
যৌন আচৰণ সংক্রান্তীয় এখন বিজ্ঞান বিষয়ক গৱেষণা পত্রত প্রকাশিত তথ্য মতে, এজন প্রাপ্তবয়স্ক মানুহে বছৰত প্রায় ৫৪ বাৰ শাৰীৰিক সংগমত লিপ্ত হয়। অর্থাৎ, সপ্তাহত গড়ে এবাৰ। প্রায় ২৬ হাজাৰ মানুহক সাঙুৰি কৰা হৈছে এই সমীক্ষা। সমীক্ষাত জনাইছে যে, বিবাহিত পুৰুষ আৰু নাৰীয়ে সংগমত লিপ্ত হয় বছৰত প্ৰায় ৫১ বাৰ।

বয়স ভেদে এই সংখ্যাৰ তাৰতম্য হয়। গৱেষকে জনোৱা মতে, ২০ ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ তৰুণৰ ক্ষেত্ৰত বছৰত প্রায় ৮০ বাৰ যৌন সংগম ঘটে। আনপিনে, প্রৌঢ়ত্বৰ কাষ চপা মানুহৰ ক্ষেত্রত এই সংখ্যা বছৰত ২০ বাৰৰ ওচৰা-ওচৰি। স্বাভাৱিকভাৱেই মানসিক চাপ তথা দাম্পত্যৰ বিভিন্ন সমস্যাই কমাই দিয়ে মিলনৰ প্রৱণতা। গৱেষকে লগতে এয়াও স্বীকাৰ কৰে যে, যৌন মিলনৰ সংখ্যাতকৈ বেছি গুৰুত্বপূর্ণ মানুহৰ অনুভূতি বুলি সমীক্ষাত ভাগ লোৱা অধিকাংশই জনাইছে। বিশেষকৈ সংগীৰ মনোভাব বুজিব পৰা তথা নিজৰ মনোভাব ব্যক্ত কৰাৰ সামঞ্জস্য সাধনেই সুখী যৌন জীৱনৰ চাবিকাঠি।

You might also like