গুগলত শাৰীৰিক সম্পৰ্কক লৈ সৰ্বাধিক কি প্ৰশ্ন সোধা যায়…
শাৰীৰিক সম্পৰ্কক লৈ শুদ্ধ তথ্য সকলোৱে বিচাৰে। ইয়াক লৈ যিমান সজাগ হ’ব ইমানেই ভাল হয়। বিশেষজ্ঞ সকলৰ মতে এইটো বিষয় বহুত মনোযোগ দিয়ে পুৰুষ মহিলাই। বিশেষকৈ ডিজিটেল যুগত শাৰীৰিক সম্পৰ্কক লৈ লাভ লোকচানৰ ওপৰত বহুত গুগলৰ সহায় লোৱা হয়। শাৰীৰিক সম্পৰ্কক লৈ গুগলত বিচৰা কেইটা মান গুৰুত্বপূৰ্ণ তথ্য-
শাৰীৰিকক সম্পৰ্কক কিয় স্বৰ্গীয় অনুভূতি বুলি ভবা হয়ঃ গুগলত বহু লোকে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰে। ইয়াৰ উত্তৰত এইটো আহে যে কোনো ব্য়ক্তিৰ শৰীৰৰ স্পৰ্শ কৰিলে মনোবৈজ্ঞানিক ভাৱে আৰাম পোৱা যায়। দৰাচলতে শাৰীৰিক সম্পৰ্কৰ সময়ত dopamine, serotonin, oxytocinৰ দৰে হৰমন মুকলি হয় ,সেই শাৰীৰিক বাবে স্বৰ্গীয় অনুভূতি অনুভৱ হয়।
শাৰীৰিক সম্পৰ্কক লৈ সপোন দেখা সাধাৰণ নেঃ এনে ধৰণৰ প্ৰশ্নও গুগলত বিচৰা হয়। তাৰ উত্তৰত আহে যদি শাৰীৰিক সম্পৰ্ক কৰিবলৈ মনত তীব্ৰ ইচ্ছা হয় তেতিয়া মনোবৈজ্ঞানিক ভাৱে সপোন বোৰ ইচ্ছাৰ ওপৰত আধাৰিত হয়। সেইবাবে শাৰীৰিক সম্পৰ্কক লৈ সপোন দেখাটো সাধাৰণ কথা।
যৌন সংক্ৰমণ ৰোগ হ’লে কি কৰিবঃ যৌন সংক্ৰমণ ৰোগ হ’লে সেই সময়ত সম্পৰ্ক স্থাপন কৰিলে স্বাস্থ্যৰ বাবে বহুত হানিকাৰক। যদি যৌনাংগত খজুতি, বেলেগ বেমাৰৰ সংক্ৰমণ হয় তেতিয়া অতি সোনকালে স্বাস্থ্য কৰ্মীৰ ওচৰলৈ যাব লাগে।
কেনে দৰে বঢ়াব শাৰীৰিক সম্পৰ্কৰ সময়ঃ এইটো প্ৰশ্ন গুগলত শীৰ্ষত আছে। এই প্ৰশ্নৰ সম্বন্ধে গুগলত উত্তৰ আছে যি সকল লোকৰ শীঘ্ৰ পতনৰ সমস্যা আছে তেওঁলোকে সাধাৰণ অভ্যাস কৰিব লাগে। পতনৰ ২০-৩০ চেকেণ্ডৰ পূৰ্বে নিজকে উত্তেজিত হোৱাৰ পৰা বিৰত ৰাখিব লাগে।
কিমান সময় শাৰীৰিক সম্পৰ্ক কৰিব লাগেঃ এইটো প্ৰশ্ন গুগলত সোধা হয়। এই সন্দৰ্ভত গুগলত উত্তৰ আহে যে সেই সম্পৰ্কে কোনো সঠিক উত্তৰ নাহে। এইটো নিৰ্ভৰ কৰে দম্পত্তিৰ, বুজা পৰা, ভালপোৱাৰ ওপৰত নিৰ্ভৰ কৰে। কিছু লোকে দিনত দুই বা তিনিবাৰ শাৰীৰিক সম্পৰ্ক কৰে, আকৌ কোনোবাই মাহটোত দুবাৰহে শাৰীকিক সম্পৰ্ক কৰে। কিন্তু তেওঁলোকৰ মাজত বহুত ভালপোৱা থাকে।
গৰ্ভধাৰণৰ পৰা বাচিবলৈ সুৰক্ষা ভৰসা কৰিব পাৰেঃ ইয়াৰ উত্তৰত গুগলত পোৱা যায় যে এনেধৰণৰ সামগ্ৰী যি গৰ্ভধাৰণৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে সেই সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। যেনে নিৰোধক, বিভিন্ন ধৰণৰ গৰ্ভধাৰণৰ পৰা ৰক্ষা কৰা ঔষধ ব্যৱহাৰ কৰিব লাগে। শাৰীৰিক সম্পৰ্কৰ সময়ত কনডম সদায় সুৰক্ষিত বিকল্প বুলি জনা যায়।
শাৰীৰিক সম্পৰ্কৰ সময়ত বিষ হ’লেঃ এই প্ৰশ্নৰ উত্তৰত গুগলত আছে যে প্ৰথম বাৰ শাৰীৰিক সম্পৰ্কত অলপ বিষ হয়। কিন্তু দৈন্যদিন শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে এই বিষৰ পৰা মুক্তি পায়।