নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঁয়াজৰ ৰসৰ পৰা চুলি সৰা সমস্যাৰ পৰা সমাধান পাওক…

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ  চুলি হৈছে সৌন্দৰ্যৰ প্ৰতীক। পুৰুষেই হওক অথবা মহিলাই হওক,  চুলি যদি কমি যায় তেতিয়া আত্মবিশ্বাস কমি যোৱা যেন হয়। বিশেষকৈ মহিলা চুলিৰ প্ৰতি বহুত সচেতন, যাৰ বাবে মহিলাই চুলিৰ প্ৰতি বহুত যত্ন লয়। উল্লেখ কৰিব পাৰি যে ৰাসায়নিক দ্ৰব্য থকা চেম্পু ব্যৱহাৰ কৰিলে চুলি পকাৰ লগতে চুলি সৰি যায়। বৰ্তমান সময়ত বহু সমস্যাৰ সন্মুখীন হৈছে পুৰুষ আৰু মহিলা। কিন্তু ঘৰতেই এই সমস্যাৰ সমাধান আছে। ঘৰতেই থকা পিঁয়াজেই ইয়াৰ সমাধান।

  •  পিঁয়াজৰ ৰস চুলি সৰিলে ব্যৱহাৰ কৰা হয়। পিঁয়াজৰ ৰস উলিয়াই মৌৰ সৈতে মিলাই আধা ঘণ্টাৰ বাবে চুলিত লগাই থৈ দিব লাগে। এই মিশ্ৰণে চুলিক ন ৰূপত গঢ় দিয়ে।
  • যদি চুলি দীঘল কৰিবলৈ মন গৈছে, তেতিয়া পিঁয়াজৰ ৰসৰ সহায় ল’ব লাগে। ইয়াৰ বাবে পিঁয়াজৰ লগত জলফাইৰ তেল সমানকৈ লৈ মালিচ কৰক, তাৰ পিছত অলপ কুহুমীয়া গৰম পানীৰে ধুই দিব লাগে।
  •  পকা চুলিৰ বাবে পিঁয়াজৰ ৰস অতি ফলদায়ক। ইয়াৰ বাবে পিঁয়াজৰ ৰস চুলিত লগাওক। প্ৰায় ১৫ ৰ পৰা ২০ মিনিট লগোৱাৰ পিছত কুহুমীয়া গৰম পানীয়ে ধুই দিব লাগে।
  • যদি পিঁয়াজৰ ৰসৰ পৰা গোন্ধ ওলায়, তেতিয়া চেম্পুৰে ধুই দিব লাগে।
You might also like