আমি বাস কৰা গ্রহটিত অদ্ভুত অদ্ভুত অভিলেখৰ স্বীকৃতি প্রদান কৰা হয়৷ সচৰাচৰ এনে কিছুমান অভিলেখ আছে, যিবোৰ শুনিবলৈ আমোদজনক৷ স্বাভাৱিকতকৈ ডাঙৰ শৰীৰৰ অংগও অভিলেখ হ’ব পাৰে৷ তেনে এক অভিলেখৰ গৰাকী হৈছে কানেষ্টিকুটৰ এগৰাকী টিক্টক তাৰকা৷ ৩১ বছৰীয়া সামান্থা ৰামছডেল নামৰ টিক্টক তাৰকাগৰাকীৰ মুখখন স্বাভাৱিকতকৈ ডাঙৰ অর্থাৎ প্রায় অস্বাভাৱিক ডাঙৰ৷
টিক্টকত ৰামছডেলে নিজৰ ডাঙৰ মুখখন মেলি মেলি অনেক ভিডিঅ’ প্রচাৰ কৰি থাকে৷ মুখখন মেলি তেওঁ টিক্টকৰ ডাঙৰ মুখ তথা মুখখন বেছিকৈ মেলিব পাৰে বুলি প্রচাৰ চলায়৷ এনেদৰে প্রচাৰ চলোৱা টিক্টক ভিডিঅ’ ভাইৰেল হৈ পৰে আৰু গীনিজ ৱর্ল্ড ৰেকর্ড কর্তৃপক্ষৰ দৃষ্টিগোচৰ হয়৷ অৱশেষত গীনিজ ৱর্ল্ড ৰেকর্ড কর্তৃপক্ষই টিক্টক ষ্টাৰ ৰামছডেলৰ ডাঙৰ মুখ তথা মেলা মুখৰ জোখ লয়৷ মুখ মেলিলে ৰামছডেলৰ মুখৰ মাজৰ ব্যৱধান ২.৫৬ ইঞ্চি জোখত পায়৷ ই আশ্চর্যজনক৷ কর্তৃপক্ষৰ মতে ৰামছডেলৰ মেলা মুখৰ ব্যৱধান ২.৫৬ ইঞ্চি বিশ্ব অভিলেখ৷ অৱশ্যে ই মহিলাৰ ক্ষেত্রতহে৷ বিশ্বৰ বৃহত্তম মুখৰ মহিলাৰ গীনিজ ৱর্ল্ড ৰেকর্ডৰ গৰাকীৰূপে স্বীকৃতি লাভ কৰে ৰামছডেলে৷
মন কৰিবলগীয়া বিশ্বৰ বৃহত্তম মুখৰ পুৰুষ আইজাক জনছন৷ জনছনৰ মুখৰ মাজৰ ব্যৱধান ৪ ইঞ্চি৷ দুয়োটাই আশ্চর্যকৰ মুখ মেলি গীনিজ ৱর্ল্ড ৰেকর্ড গঢ়া টিক্টক ষ্টাৰ ৰামছডেলে কয় যে যিটোক লৈ তেওঁ নিজকে অস্বস্তিত ভুগিছিল তাতেই তেওঁ গীনিজ ৱর্ল্ড ৰেকর্ড গঢ়িলে৷ তেওঁৰ বাবে বৃহৎ সফলতা৷ আনপিনে শৰীৰৰ অংগ লগাতকৈ ডাঙৰ হ’লেও তেনে লোকক অস্বস্তিত নুভুগিবলৈ পৰামর্শ দি ৰামছডেলে কয় যে শৰীৰৰ যিকোনো অংগ ডাঙৰ হ’লে তেওঁলোকে গীনিজ ৱর্ল্ড ৰেকর্ডৰ ওচৰ চাপিব লাগে৷ যি তেওঁক গৌৰৱান্বিত কৰি তুলিব৷ টিক্টক ষ্টাৰ ৰামছডেলৰ অনুভৱ নিশ্চয়কৈ অনুকৰণীয়