অত্যাধিক পানী খালে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে…
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ দৈনিক সঠিক পৰিমাণে পানী খালে আপোনাৰ স্বাস্থ্যজনিত বহু সমস্যাৰ সমাধান হ’ব পাৰে।
পানী নিয়মমতে খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে, কোষ্ঠকাঠিন্য দূৰ কৰে, বৰ্জনীয় পদাৰ্থ বাহিৰ কৰাত সহায় কৰে তথা শৰীৰৰ সকলো মূল কাৰ্যকলাপ সম্পন্ন কৰাত সহায় কৰে।
কিন্তু অধিক পৰিমাণে পানী খোৱাটোও হ’ব পাৰে বিপজ্জনক। কমকৈ পানী খালে যেনেদৰে বিভিন্ন ৰোগে দেখা দিয়ে, বেছিকৈ পানী খালেও নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বেছিকৈ পানী খালে ‘overyhdration’-এ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত ‘water intoxication’হয়।
অভাৰহাইড্ৰেচনৰ মাত্ৰা অধিক হ’লে কিডনী ফেইলৰো হ’ব পাৰে বুলি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ উদ্ধৃতিৰে ‘দ্য হিন্দু’কাকতে কেইবছৰমান পূৰ্বে বাতৰি প্ৰকাশ কৰিছিল।
জিতেন্দ্ৰ কুমাৰ নামৰ চিকিৎসকগৰাকীৰ মতে খাদ্য গ্ৰহণৰ লগে লগে অধিক পৰিমাণে পানী খাব নালাগে।। ইয়াৰ ফলত খাদ্য হজম হোৱাত অসুবিধা হয়।
বেছিকৈ পানী খোৱাৰ ফলত আপোনাৰ কিডনীয়ে সেয়া প্ৰস্ৰাৱ হিচাপে উলিয়াই দিব নোৱৰা হয়। ইয়াৰ ফলত শৰীৰত নানা সমস্যাই দেখা দিয়ে।
আনহাতে দেহত জমা হোৱা পানী ওলাই যাব নোৱৰাৰ ফলত তেজত পানী আৰু ছডিয়ামৰ ভাৰসাম্য নোহোৱা হয়।
অভাৰহাইড্ৰেচনৰ ফলত মূৰৰ বিষ, বমি, ৰক্তচাপ বৃদ্ধি, উশাহ-নিশাহত অসুবিধাৰ সৃষ্টি হয়।