এই দুটা সপোনে জীৱন সলনি কৰি দিব পাৰে আপোনাৰ…
নিয়মীয়া বাৰ্তা ১৬ জুনঃ সামুদ্ৰিক শাস্ত্ৰত আমি সপোনত যি দেখো, তাক লৈ বৰ্ণনা কৰা আছে। এই শাস্ত্ৰ মতে, আমি কেতিয়াবা এনে কিছু সপোন দেখো যি আমাৰ মনটো বেয়া কৰি পেলায়। দিনটো বেয়া ভাবেৰে পাৰ হয়। আকৌ কিছুমান সপোনে মনত শান্তি দিয়ে। আনহাতে, এনেধৰণৰ কিছুমান সপোন দেখো, যাক আমি বুজি নাপাও। এনে কিছু সপোন আছে, যি দেখিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।
সপোনত নিজকে উৰি যোৱা দেখিলেঃ বাস্তৱ জীৱনত আমি কেতিয়াও উৰাটো কল্পনা কৰিব নোৱাৰো। কিন্তু ই সপোনতহে সম্ভৱ। যদি নিজকে সপোনত উৰি যোৱা দেখে তেতিয়া ই বহুত শুভ। ইয়াৰ অৰ্থ এইটো যে ব্যক্তিজনৰ বেয়া দিন শেষ হোৱাৰ সংকেত আৰু অনাগত ভাল দিনৰ সংকেত বুলি গণ্য কৰা হয়। সপোন শাস্ত্ৰৰ মতে এনে ধৰণৰ সপোন দেখিলে ব্যক্তি জনৰ সকলো মনৰ আশা পূৰণ হয়।
আনহাতে মনোবৈজ্ঞানিক সকলৰ মতে ইয়াৰ অৰ্থ বেলেগ। মনোবিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে সপোনত উৰে তেতিয়া নিজৰ আত্মবিশ্বাস বৃদ্ধি হয়। আৰু যিকোনো সফলতা লাভ কৰিবলৈ আত্মবিশ্বাসৰ বহুত প্ৰয়োজন।
সপোনত জলপ্ৰপাত দেখিলেঃ সপোনত জলপ্ৰপাত দেখিলে বহুত শুভ বুলি ধৰা হয়। সপোন শাস্ত্ৰৰ মতে যদি সপোনত জলপ্ৰপাতৰ পৰা স্বচ্চ পানী পৰা দেখে ইয়াৰ অৰ্থ এইটো যে সপোন দেখাজনৰ সকলো দুখৰ সময়ৰ অন্ত হয় আৰু সুখৰ জীৱনৰ আৰম্ভণি হয়। লগতে সপোনত যদি লেতেৰা পানীৰ জলপ্ৰপাত দেখা যায় তেতিয়া বহুত অশুভ বুলি ধৰা হয়। এনে সপোনে বেমাৰৰ লগতে বেয়া দিনৰ আগমনৰ সংকেত বুলি ধৰা যায়। এনে সপোন দেখিলে তিলৰ দান দিব লাগে।
মনোবৈজ্ঞানিকৰ মতে এনে সপোনে মানসিক ভাৱে ঋণাত্মক দিশবোৰ সমাপ্ত হয়।