নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনে সপোন দেখিলে সলনি হ’ব পাৰে আপোনাৰ ভাগ্য

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ  সামুদ্ৰিক শাস্ত্ৰত আমি সপোনত যি দেখো, তাক লৈ বৰ্ণনা কৰা আছে। এই শাস্ত্ৰ মতে, আমি কেতিয়াবা এনে কিছু সপোন দেখো যি আমাৰ মনটো বেয়া কৰি পেলায়। দিনটো বেয়া ভাবেৰে পাৰ হয়। আকৌ কিছুমান সপোনে মনত শান্তি দিয়ে। আনহাতে, এনেধৰণৰ কিছুমান সপোন দেখো, যাক আমি বুজি নাপাও। এনে কিছু সপোন আছে, যি দেখিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।

সামুদ্ৰিক শাস্ত্ৰৰ মতে যিসকল লোকে সপোনাত সোণৰ আঙঠি পিন্ধে, বহুত সোনকালে সুন্দৰ জীৱন সংগী বা সংগিনী পাব পাৰে। লগতে যি সকল লোকৰ হাতত ধনৰ অভাৱ, তেওঁলোকে সপোনাত চৰাই দেখা পায়, তেন্তে তেওঁলোকৰ ভাগ্য লাহে লাহে উদয় হয়। এনেকুৱা ব্যক্তিৰ ভাল জীৱন সংগিনীৰ লগতে ধন-যশ প্ৰাপ্তি হয়।

সপোনাত যদি মন্দিৰৰ শংখৰ লগতে ঘণ্টাৰ শব্দ শুনা পায়, তেতিয়াহ’লে আপোনাৰ অতি সোনকালে ধন প্ৰাপ্তি হ’ব পাৰে।

আনহাতে যদি কোনো সপোনাত কোনো মহিলাই ৰঙা শাড়ী পিন্ধি থকাৰ লগতে সপোনাত সাজি-কাচি ৰাস্তাত ৰৈ থাকে, তেতিয়াহ’লে ই এইটো কথাৰ সংকেত যে মহালক্ষ্মীৰ কৃপা অতি সোনকালে পৰিব।

You might also like