পানী কমকৈ খাইছে, চাওঁক কি হ’ব পাৰে
শীতৰ বতৰত পানী খাবলৈ বহুতৰে অনীহা। দিনটো কামত ব্যস্ত থকাত পর্যাপ্ত পানী খাবলৈ পাহৰিও যোৱা যায়। আমাৰ শৰীৰৰ সত্তৰ শতাংশই পানী। শৰীৰত দৈনন্দিন যিমান পানীৰ প্ৰয়োজন সেয়া পূৰণ নহ’লে বহুতো শাৰীৰিক সমস্যাই দেখা দিয়ে। শৰীৰত পানীৰ অভাৱ হ’লে শৰীৰে নিজেই সেই সংকেট দিয়ে।
১) শৰীৰত জলৰ অভাৱত ছাল শুষ্ক হৈ যায় তথা ওঁঠ ফাটিবলৈ লয়।হঠাৎ ছাল ৰুক্ষ হ’বলৈ ল’লে তথা ছালত শালমইনা আদিৰ সমস্যাই দেখা দিলে বুজিব যে দেহত পানীৰ পৰিমাণ কমিছে।
২) যদি হঠাৎ প্রস্রাৱৰ ৰং হালধীয়া হৈ পৰে, তেনেক্ষেত্রতো বুজিব যে শৰীৰত পানীৰ অভাৱ হৈছে। ইয়াৰ উপৰিও শৰীৰত পানী কমি গ’লে প্রস্রাৱৰ পৰিমাণ কমি যায় আৰু প্রস্রাৱ জ্বলা-পোৰা কৰে।
৩) পানীৰ অভাৱত শ্বাস লোৱাত কষ্ট হোৱাৰ সমান্তৰালকৈ মুখৰ দুর্গন্ধ ওলায়।পানীয়ে মুখৰ লেলাৱতী পর্যাপ্ত পৰিমাণত উৎপন্ন কৰাত সহায় কৰে, যিয়ে শ্বাসৰ দুর্গন্ধৰ বাবে দায়ী বেক্টেৰিয়াবোৰ নিয়ন্ত্রণত কাম কৰে।
৪) ডিহাইড্রেছন অৱস্থাযত বাৰে বাৰে তৃষ্ণা অনুভৱ হয়। বাৰে বাৰে পানী খালেও শৰীৰত জল জমা হৈ নাথাকে। সাধাৰণ পানীৰ পৰিৱর্তে নেমু মিহলোৱা পানী বা ইলেকট্রল দ্রৱণযুক্ত পানী গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব পাৰে। ডিহাইড্রেছনৰ সমস্যাত খুব বেছি ভোক লাগে।
৫) দেহত পানীৰ অভাৱ হ’লে বহু সময়ত নিম্ন ৰক্তচাপৰ সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত কোনো কাৰণ অবিহনে হঠাৎ মনত আতংক জাগিব পাৰে বা মুৰৰ বিষ হ’ব পাৰে। তদুপৰি প্ৰতি ক্ষণতে আলস্য আৰু ক্লান্তি অনুভৱ হয়। উচ্চ ৰক্তচাপৰ সমস্যায়ো দেখা দিব পাৰে।
৬) পানীৰ অভাৱত শৰীৰত তেজৰ পৰিমাণো কমি যায়, যাৰ বাবে সকলো অংগলৈ পর্যাপ্ত তেজ যোগান দিবলৈ হৃদযন্ত্রই আৰু বেছি পৰিশ্রম কৰিবলগীয়া হয়। গতিকে হৃদযন্ত্রৰ ওপৰত চাপ পৰে। হঠাৎ হৃদস্পন্দন তথা শ্বাস-প্রশ্বাসৰ হাৰ বাঢ়ি যায়।