নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰীৰৰ বাবে ভাল Whiskey!! দাবী কৰিলে গৱেষণাই…

বৰ্তমান যুগত সুৰাপান মানুহৰ মাজত এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে। এলকহল সেৱনৰ ফলত মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব লগা হয়। আজিও সমাজত প্ৰাপ্তবয়স্কৰ পৰা কম বয়সৰ ল’ৰা-ছোৱালীয়ে এলকহল সেৱন কৰা দেখা যায়।

কিন্তু আপুনি জানি আচৰিত হ’ব যে শৰীৰৰ বাবে ভাল Whiskey!! হয় এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য।

হুইস্কীয়ে হজমত সহায় কৰে ! এই বিশ্বাস কৰি বহুতে নিজৰ সংস্কৃতিৰ অংগ হিচাপে ব্যৱহাৰ কৰে হুইস্কীক। গতিকে হজম ভাল হোৱাৰ বাবে বহু মানুহে খোৱা শেষ কৰি একাপ হুইস্কী গ্ৰহণ কৰে।

গৰম পানীৰ সৈতে অলপ হুইস্কী মিহলী কৰি খালে ডিঙিয়ে আৰাম পায়। কাঁহ, ডিঙিৰ বিষ হ’লে এই পন্থা বহুতে অৱলম্ৱন কৰে।

গৱেষণাই দাবী কৰিছে যে, ওজন হ্ৰাস কৰাত সহায় কৰে হুইস্কীয়ে। আমেৰিকাৰ চোচাইটি অৱ ক্লিনিকেল নিউট্ৰিশ্যৰ গৱেষণাত এই তথ্য প্ৰকাশ পাইছে। হুইস্কী খালে শৰীৰ কিছু পৰিমাণে গৰম হয়। ইয়াৰ ফলত এনাৰ্জী বাঢ়ে আৰু মিঠা খোৱাৰ প্ৰৱণতা হ্ৰাস পায়।

কেৱল ডিঙিৰ সমস্যাই নহয়, ঠাণ্ডাৰ পৰাও কিছু পৰিমাণে ৰক্ষা কৰে হুইস্কীয়ে। পিছে এয়া আমাৰ দাবী নহয়, আমেৰিকাৰ এদল গৱেষকে চলোৱা গৱেষণাৰ ৰিপৰ্টহে।

You might also like