নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ঘণ্টা একেৰাহে স্নান এগৰাকী মহিলাৰ, তাৰপাছত যি হ’ল…

 নিয়মীয়া বাৰ্তা, ২৯ মেঃ ব্ৰিটেইনৰ ডেনা নামৰ এগৰাকী মহিলা শেহতীয়াকৈ সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ পৰিছে। কাৰণটো হ’ল তেওঁৰ স্নান। ডেনাই একেৰাহে ১৬ ঘণ্টা গা ধুই সমস্যাত পৰিছে। 

দৰাচলতে, গা ধোৱা শেষ হোৱাৰ পিছত, তেওঁৰ ভৰিৰ অৱস্থা বেয়া হ’বলৈ ধৰে। যাৰ এক ভিডিঅ’ তেওঁ টিকটকত চেয়াৰ কৰিছিল। ৩ লাখতকৈও অধিক লোকে ভিডিঅ’টো চাইছিল।

ডেনাই তাইৰ নিজৰ ভৰিৰ অৱস্থাক লৈ বৰ নাৰ্ভাছ হৈছিল। তেওঁ সামাজিক মাধ্যমত কৈছিল যে তেওঁ ভৰিৰ অৱস্থাক লৈ উদ্বিগ্ন হৈ পৰিছে। তেওঁ কেনেকৈ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব লাগে তাৰ ওপৰত ছ’চিয়েল মিডিয়াত মতামত বিচাৰিছিল।

কিন্তু ডেনাই কেনেকৈ কেনেকৈ ১৬ ঘণ্টা পানীত আছিল, সেই বিষয়ে একো অৱজ্ঞত কৰি নাছিল। বহুতো লোকেই ডেনাৰ পৰা জানিব বিচাৰিছিল যে তেওঁ কেনেকৈ ১৬ ঘণ্টা পানীত আছিল। ইমান সময় ধৰি পানীত থকাটো সম্ভৱ নেকি?

চিকিৎসকৰ মতে, ইমান বেছি সময় ধৰি পানীত থাকিলে শৰীৰৰ ৰক্ত সঞ্চালন প্ৰভাৱিত হ’ব পাৰে। আন বহুতো ৰোগে দেখা দিব পাৰে।

You might also like