মানুহ মাত্রেই সৌন্দর্যপিয়াসী৷ সেয়ে মানুহে নিজকে সাজোন–কাচোন কৰি ধুনীয়াকৈ সজাব বিচাৰে, ঘৰখন সজাব বিচাৰে, সজাব বিচাৰে নিজৰ থকা ঠাইখনো৷ ঠিক তেনেদৰে কিছুমান নিপুণ শিল্পীয়ে নিজৰ চিন্তাধাৰাৰে সুন্দৰ সুন্দৰ অট্টালিকা নির্মাণ কৰিছে, যিবোৰ অট্টালিকা বিশ্বৰ আটাইতকৈ সুন্দৰ অট্টালিকা হোৱাৰ উপৰি পর্যটনৰ কেন্দ্র হিচাপে পৰিগণিত হৈছে৷ আজি মই তেনে পাঁচটা বিশ্ববিখ্যাত অট্টালিকাৰ বিষয়ে চমুকৈ পঢ়ুৱৈ সমাজক অৱগত কৰিব বিচাৰিছোঁ৷
বিশ্বৰ ধুনীয়া অট্টালিকাসমূহৰ ভিতৰত এটা হৈছে ভাৰতৰ দিল্লী চহৰত থকা’Lotus Tample’৷ যাক কমল মন্দিৰ নামেৰেও জনা যায়৷ পদুম ফুলৰ নিচিনা আকৃতিৰ বাবেই এই অট্টালিকাক’Lotus Tample’ বোলা হয়৷ ১৯৮৬ চনত এই মন্দিৰৰ নির্মাণকার্য সম্পূর্ণ হয় আৰু ১৯৮৬ চনতে দর্শনার্থীৰ বাবে মুকলি কৰা হয়৷ ইয়াত সকলো ধর্মাৱলম্বী লোকেই প্রৱেশ কৰিব পাৰে৷ মন্দিৰৰ ভিতৰলৈ যাবলৈ ৯খন গেট আছে৷ উল্লেখ্য যে ২০০১ চনত এই মন্দিৰকGuinness Book Of World Recordত স্থান দিয়া হয়৷
ধুনীয়া অট্টালিকাসমূহৰ ভিতৰত ভাৰতৰে আন এটা হৈছে আগ্রাৰTaj Mahal৷ এইটো পৃথিৱীৰ সাতটা বিস্ময়কৰৰ ভিতৰত এটা৷ এই সৌধটিৰ নির্মাণকার্য ১৬৩২ খ্রীঃত আৰু ১৬৪৮ চনত সম্পূর্ণ হৈছিল৷ তাজমহলটো মোগল সম্রাট ছাহজাহানে পত্নী মমতাজৰ স্মৃতিত নির্মাণ কৰাইছিল৷ বগা মার্বলেৰে নির্মিত এই প্রাসাদটো অপৰিসীম প্রেমৰ লক্ষণ৷ তাজমহলক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছে৷
বিশ্বৰ ধুনীয়া অট্টালিকাসমূহৰ ভিতৰত তৃতীয়তে লেখত ল’বলগীয়া অট্টালিকা হৈছে মালয়েছিয়াৰPetronas Tower৷ ইয়াত দুটা সমান উচ্চতাৰ অট্টালিকা আছে, যাৰ উচ্চতা হৈছে ১,৪৮৩ ফুট৷ দুয়োটা অট্টালিকাৰ মাজত এখন দলং আছে৷ এই মহলটো দামী দামী পাথৰৰ দ্বাৰা নির্মিত৷ দেশ–বিদেশৰ বহু লোক এই অট্টালিকা দর্শনৰ বাবে আহে৷
আন এটা ধুনীয়া উল্লেখযোগ্য অট্টালিকা হৈছে চীনৰCTF Finace Center৷ এই অট্টালিকা অষ্টমটো ওখ অট্টালিকা হিচাপে পৰিগণিত, যাৰ উচ্চতা হৈছে ৫৩০ ফুট৷ এই অট্টালিকাটো বনাবলৈ ২০১৩ত আৰম্ভ কৰে আৰু ২০১৯ত সম্পূর্ণ হয়৷ অট্টালিকাৰ বাহিৰভাগ গ্লাছৰ হোৱাৰ বিপৰীতে ভিতৰভাগ মার্বল পাথৰৰ৷
ভেটিকান চিটীত থকাSt. Peter’s Basilica হ’ল ভেটিকান চিটীৰ আটাইতকৈ প্রখ্যাত গির্জা৷ এইটো হৈছে বিশ্বৰ বৃহত্তম গির্জা, যাৰ দৈর্ঘ্য ২১৮.৭ মিটাৰ আৰু উচ্চতা ১৩৬.৫৭ মিটাৰ৷ উল্লেখ্য যে মাজত খুঁটা নোহোৱাকৈ নির্মাণ কৰাSt. Peter’s Basilica বিশ্বৰ এনেধৰণৰ প্রথম সৌধ৷