নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নাও কাণ্ডৰ প্ৰতিবাদঃ ৬ বছৰীয়া কন্যাক জ্বলাই দিয়াৰ চেষ্টা মাতৃৰ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ উন্নাও কাণ্ডৰ ভুক্তভোগী মহিলাগৰাকীৰ মৃত্যুৰ পাচতেই এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । ঠায়ে ঠায়ে প্ৰতিবাদ দেখা গৈছে যদিও এইবাৰ এগৰাকী কন্যা সন্তানৰ মাতৃয়ে গ্ৰহণ কৰিলে এক ভয়ংকৰ সিদ্ধান্ত । দেশত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন আৰু অপৰাধজনিত ঘটনাৰ বাবে নিজ সন্তানক পেট্ৰল ঢালি জ্বলাই দিয়াৰ চেষ্টা এগৰাকী মহিলাৰ । শনিবাৰে দুপৰীয়া দিল্লীৰ চফদৰগঞ্জ হাস্পতালৰ সমীপৰে এগৰাকী মহিলাই এইদৰেই নিজৰ ৬ বছৰীয়া কন্যাক জ্বলাই দিবলৈ চেষ্টা কৰোতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাসহ শিশুটিক । প্ৰতিবাদী মহিলাগৰাকীয়ে ধৰ্ষণৰ বিৰুদ্ধে গৰজি উঠি ক’লে যে, সমাজৰ সেইসকল ধৰ্ষণকাৰীয়ে জ্বলাই দিয়াতকৈ মই নিজেই জ্বলাম মোৰ কন্যাক । এই ঘটনাৰ পাচতেই এতিয়া ৰাজধানী চহৰ নতুন দিল্লীৰ লগতে দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য ।

You might also like